বান্ধোন [খণ্ড 2] 

✍ হিৰণ্য  ডেকা
ই-মেইল: hiranya321@gmail.com

খণ্ড ২

তাই অহা দেখিলেই তাইৰ দেউতাকৰ চাইকেলৰ পিছে পিছে পেদেল মাৰো পুষ্পৰ ঘৰলৈ । তাইৰ স্কুলত যাবলৈ হ’লে পুষ্পৰ ঘৰৰ ওচৰৰ তিনিআলি হৈ যাব লাগে। আমি পুষ্পৰ ঘৰত মাত লগাই একেলগে স্কুল যাওঁ। পুষ্প আৰু তাৰ বায়েক এখন চাইকেলত আৰু আমি দুয়ো এখনত।


সিদিনা তাই স্কুললৈ অহা নাছিল। কিয় বা নাহিল তাই আজি । কি বা হ’ল । তেনেকৈয়ে আমি স্কুল গলো যদিও মোৰ মনটো কিবা ভাল নালগিল। সমীন মোৰ খুব ভাল বন্ধু, কথাটো তাৰ বাহিৰে আন কোনেও নাজানে। সি মাজে মাজে মোক জোকাইছিল যদিও বেলেগে সেইটো ধৰিব পৰা নাছিল। সিদিনা তাইক পুৱা নেদেখা কাৰণে সি মোক ইংগিতেৰে জোকাই আছিল। ৰাতিপুৱা তাইক নেদেখিলে মনটো ভালে নালাগে। তাইক মনে মনে ভলপাই পেলাইছিলো যদিও তাইৰ বিষয়ে একো জনা নাছিলোঁ মই। আনকি তাইৰ নামটোও জনা
নাছিলোঁ। তেনেকৈয়ে ভালপাই গৈছিলো। সিদিনা স্কুলৰপৰা আহোতে সমীনে মোক বিশ্বাস দিছিল যে অহাকালি মই তাইক দেখা পাম ।


– তাইৰ হয়টো কিবা অসুখ হৈছে। তাই চাগে আজি সোনকালে পাৰ হৈ গৈছে ।
– হ’ব পাৰে । কিন্তু নাহিবও পাৰে ।– আজি আমাৰ অলপ দেৰি হৈছিল চাগে। অহাকালি মই সোনকালে আহিম, তই ওলাই থাকিবি।
– হ’ব দে, ব’ল এতিয়া আবেলি টিউচনত তাক মই সেয়ে সুধি আছিলোঁ। তাইক কিয় নেদেখিলো । অহাকালি দেখা পাম নে নাপাম।
ক্লাছ ফাইভৰ টিউচন শেষ কৰি আমাক চাৰে পঢ়াইছিলে। আমাৰ ঘৰৰ ওচৰৰ ঝৰ্ণা, পংখী হতে ফাইভৰ টিউচনত অহা দেখা পালোঁ । সিহঁতে মোক দাদা বুলি মাতে, প্ৰায়ে মোৰপৰা কিতাপ নিব আহে। ঝৰ্ণাই কেতিয়াবা মোৰ পুৰণা তিউচনৰ বহী আৰু স্কুলৰ বহীও লব আহে। ঝৰ্ণা, মোৰ সম্পৰ্কীয় জেঠীৰ ছোৱালী। ঘৰটো ওচৰতে। পঢ়া শুনাত মনোযোগ কম তাইৰ। মুখখন কিন্তু অনবৰত চলিয়ে থাকে, কিবা নহয় কিবা বকিয়ে থাকে। ঘৰৰ একমাত্ৰ ছোৱালী বাবে সকলোৰে মৰমৰ । পঢ়াত ৰাপটো অলপ কম। তথাপি মাকৰ কথামতে বহী কিতাপ নিব আহে । স্কুলৰ কিতাপত কৈ তাই বাহিৰা কিতাপ বেছি পঢ়ে । গল্প সাধুকথাৰ কিতাপ পঢ়ি ভাল পায় তাই।


– অই ব’ল ঘৰত
– অহাকালি আহিব নে তাই ক চোন ।
– আহিব দে, ব’ল এতিয়া  ৰাতি ভাত পানী খাই সোনকালে শুম বুলি মনতে ভাবিলো। এনেই ভাত খাই উঠি দেউতাৰ লগত ৰেডিঅ শুনা মোৰ অভ্যাস। দেউতাৰ লগত প্ৰায়ে ৰাতি ৰেডিঅ’ত নাটক শুনো। ৰেডিঅ’ৰ নাটকৰ এটা শুকীয়া আমেজ আছে। আজি কিন্তু শুই থাকিম সোনকালে। মাক সোনকালে জগাই দিব কৈ শুই থাকিলো। পুৱা মাই উঠাই দিলে সোনকালে। ৰাতিপুৱা উঠি অলপ পঢ়ি লৈ গা পা ধুই উঠিলো। পঢ়া টেবুলত থকা সৰস্বতীৰ ফটো খনৰ সন্মুখত ধূপ লগাই সেৱা এটা কৰিলোঁ।


– হে সৰস্বতী মা, আজি যাতে তাইক দেখা কৰাই দিয়া। আজি যাতে মনটো ভাল লাগে ।
– কি অ, তোৰ কিবা পৰীক্ষা আছে নেকি আজি? পুৱাই ধুপ লৈ সেৱা কৰিছা যে ।
– নাই অ দেউতা, এনেই টেবুলত ধুুপ দিলোঁ, সেৱা এটা কৰিলোঁ।
– এনে পৰীক্ষা থাকিলেহে চোন সেৱা কৰ তই। আজি বা কি হ’ল।
– এনেই সোনকালে উঠিলো কাৰণে সেৱা কৰি ধুপ দিলোঁ। কিতাপ বহী ঠিক কৰি ভাত খালোঁ। ঘৰৰ পৰা আহি সমীনৰ ঘৰ পালোঁ, তাক মাত লগাই চাইকেলখন উলিয়ায় ললো।
– অই চাইকেলত চোন পাম নাই। হ’ল দে আজি আৰু । অই তই চাইকেলত পাম টো দ থব পৰা নাই। কি হ’ব এতিয়া
– এহ একো নাই ৰ, যাওঁতে মনোহৰ কাইৰ দোকানত দি যাম দে
– আৰু দেৰি হ’ব তোৰ কাৰণে।
– নহয় দে দেৰি, এতিয়া বহুত সময় আছে আৰু। তই নঙলাত ৰ অলপ।
– তই আহ ওলাই সোনকালে। (তাই বা কেতিয়া আহি পায়, ইফালে পামও নাই চাইকেলত)
– আহিল নেকি
– নাই দেখোন, এতিয়ালে আহাই নাই।
– অই আজিও নাহে নেকি, ৰৈ থাকি লাভ নাই। চাইকেলত পাম দি হে স্কুল যাব লাগিব। ইফালে কিন্তু মিনতি বাইদেউৰ ক্লাছ আছে, দেৰি কৰিব নোৱাৰা।
– এহ ৰহ, অলপ সময় ৰ । আহিবই চাগে। অলপ সময় চাই যাওঁ।
– কিমান ৰখিবি আৰু, ব’ল অ বহুত দেৰি হ’ল। আমি গৈয়ে নাপাম স্কুল।
– অলপ সময় ৰ না । কিয় বা আহি পোৱা নাই এতিয়াও। (আজি কি হ’ল বা আকৌ,এতিয়ালে অহা নাই)
– অই ইমান মাথা মাৰি লাভ নাই। আহিলে দেখা পালো হৈ। অহা নাই আজি। এতিয়া ব’ল, আহাকালি দেখা পাবি ব’ল।
– আৰু ৫মিনিট ৰ না, চাই কিনে যাও। (হে সৰস্বতী মা, কি হ’ল আজি, আজি দেখা নাপালোঁ চোন)
ৰাষ্টাই ৰাষ্টাই চাইকেল ঠেলি দোকানৰ ফালে গৈ থাকিলো। মনটো কিবা বেয়া লাগিল। ইমান পুৱাই উঠিচো, কিমান ভাবি আছিলোঁ। আজিও নাহিল তাই। আমি ঠেলি ঠেলি চাইকেল দোকান আহি পালোঁ।
– অ খুৰা, চাইকেলখনত অলপ পাম মাৰি দিয়ক না। আমাৰ স্কুললৈ দেৰি হ’ব।
– ৰ, দি আছোঁ। আগতে দি থৈ দিব লাগে, ইমান দৌৰা দৌৰি যদি।
– গম পোৱা নাছিলো খুৰা, পুৱাহে দেখিলোঁ।
– আজি তই এ চলাবি, মই নচলাও। (আজি বা কি হ’ল তাইৰ) কিয় বা নাহিল তাই।
আমি চাইকেল লৈ যাব ললো। এনেতে পিছফালৰ পৰা কোনোবা মাইকী মানুহ এজনীয়ে মাত দিলে।
– মনোহৰ দা, অলপ পাম দি দিয়ক আগৰ চকাত। মাইনাক স্কুলত থব দেৰি এ হ’ল।
– কিয় দেৰি হ’ল আজি, দেউতাকে নাহিল যে থব।
– অ, আজি মানে মাইনাৰ জন্মদিন যে, তেওঁ অলপ বজাৰত গ’ল।
– অ, মাজনী ডাঙৰ হ’লেই চোন
– মাজনী, খুৰাক চকলেট দিয়া এটা। আৰু এই দাদা দুজনকো দিয়া।
আমি ইমান সময় সেইফালে চোৱাই নাছিলোঁ, ছোৱালীজনী অলপ দুৰত থিয় হৈ আছিল। সমীন আৰু মই কিবা কথা পাতি আছিলোঁ।
– দাদা, চকলেট
সমীনে চকলেট লৈ এ মোক চিঞৰি দিলে।
– অই ভাই চা না, চকলেট ল। আজি তাইৰ জন্মদিন। (বিচাৰি থকা ছোৱালী জনিৰ জন্মদিন)
মই চকলেটটো ললো, তাইক দেখা পাই মোৰ মুখৰ মাত হেৰাই গ’ল। ইমান সময় তাইৰ কথাই ভাবি আছিলোঁ আৰু তাই এতিয়া সন্মুখত। এইজনী ইমান দেৰি কৰিলে আজি মনতে ভাবিলো। চকলেট দি গ’ল, তাইৰ জন্মদিনৰ। মোৰ মনটো যেন কিবা এটা ভাল লাগি গ’ল। আমি লৰালৰিকৈ স্কুল গলো।
– আজি যদি চাইকেলত পাম থাকিল হৈ, তই টো তাইক দেখা নাপালি হৈ।
– আজি মনটো ভাল লাগিল দে বহুত, আজি তাইৰ জন্মদিন। (আজি বহুত মৰমলগা হৈ আছিল তাই, এডাল বেনি গুঠি আহিছিল মুৰত, এটা নীলা ফোট কপালত। বহুত ধুনীয়া লাগিছিল আজি তাইক)
– চাইকেলত পাম নথকা বাবে ভালে হ’ল, তাইৰ নামটো মাইনা , গম পালি।
– ধুনীয়া নাম, মিলিব দে ন, অঙ্কুৰ + মাইনা
– এহ, থ তোৰ ফাল্টু কথা তাইক কি ইমান ভাল লাগে নাজানো। কিবা এটা ভাল লাগে। কিতাপৰ ভাঁজত, বহীৰ পিছফালৰ কভাৰত যেন দুটা আখৰ জিলিকি থকা হ’ল। A আৰু M। মনত এটাই নাম মাইনা।  

আগলৈ—->

——>খণ্ড ১ ৰ লিংক<——

 

তোমাৰ নামত এটি কবিতা

তোমাৰ নামত এটি কবিতা

অভিধানৰ পাত লুটিয়াই চালো
নাই, ক’তো সামঞ্জস্য পোৱা নগ’ল তোমাৰ ৰূপ তৃষ্ণাৰ ক্ষণিক পোহৰ

অথনিতে ভবা খিনি
অথলে যাব নেকি ?

দুৱাৰ খুলি বাহিৰলৈ আহিলো
নীলিম আকাশৰ তলত
সোণবৰণীয়া ধাননি পথাৰত
শেষ বেলিৰ ৰক্তিম ৰহন
নীড়মুখি চৰাইজাকৰ মুখত
সুৰৰ কল্লোল
সেয়াও যেন মনপুত নহ’ল
তোমাৰ নামৰ কবিতাটিৰ
সেউজীয়া দৃশ্যৰ

ছে:
ভবা খিনি বিফলে যাব নেকি ?

জাকজাক জোনাকী পৰুৱাৰ মুখত
উপহাসৰ হাঁহি
মোকেই দেখি ন !

বিমৰ্ষ মনেৰে
দুৱাৰ খিৰিকী বন্ধ কৰি
কলমডাল তুলি ল’লো
লিখিমেই
তোমাৰ নামত এটি কবিতা ।

-মেহেনাজ সৰকাৰ (mehanassarkar33@gmail.com)

হত্যা

হত্যা

সুতীব্ৰ দুটি উজ্জ্বল দৃষ্টিৰে
নিজানত তাই মোক হত্যা কৰিলে
ইমান সৰ্ন্তপনে যে
মই গমকে নাপালো

তেজ হৈ যেতিয়া বব ধৰিলে
কলিজা ফলা আৰ্তনাদবোৰ
তেতিয়াহে গম পালো
নিথৰ দেহটো পৰি আছে
জনবসতিৰ নাতিদূৰত

অকলশৰীয়া মইটো চিঞৰিছে
তাই মোক হত্যা কৰিলে
তাই মোক হত্যা কৰিলে ।

মেহেনাজ সৰকাৰ (mehanassarkar33@gmail.com)

মই তোমাৰ প্ৰেমত পৰিছো নেকি

  মই তোমাৰ প্ৰেমত পৰিছো নেকি

সুগন্ধি নিৰিবিলিৰ পদূলিত
এই যে ভাবি আছো তোমাৰ কথা
মই তোমাৰ প্ৰেমত পৰিছো নেকি? মন মগজু শিহৰিত কৰা প্ৰশ্নটো
যেতিয়াই আমনি কৰে
মই আকাশলৈ চাওঁ
সোণালী জোনটিৰ সলনি
তুমিয়েই যেন জিলিকি আছা
মিঠা মিঠা অনুভৱৰ কল্লতৰু হৈ

আহিনৰ ৰিমজিম ৰিমজিম এজাক কোমল বৰষুণত
অথবা ফাগুণৰ এছাটি মলয়া বতাহতো
তুমিয়েই প্ৰেৰণাৰ উৎস সৰোবৰ

মই দেখিছোঁ
অনুভৱৰ জিলমিল ঘাঁহনিত বহি
তুমি মোৰ সতে কথা পাতিছা
হাঁহিছা খেলিছা
মাজে মাজে অভিমানো কৰিছা
আকাশীগংগা হৈ বৈ গৈছা নিৰৱধি
মই তোমাৰ প্ৰেমত পৰিছো নেকি ?

অহো! তুমিওতো এটা শিল্প
প্ৰেমৰ সেউজীয়াৰে অংকিত
নিৰ্লোভ ভাস্কৰ্য্য
তোমাৰ প্ৰেমত নপৰাকৈ
কোনোবাই থাকিব পাৰে জানো ?

–  মেহেনাজ সৰকাৰ (mehanassarkar33@gmail.com)