কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

 ধীৰেন শইকীয়া
ই-মেইল: dhirensaikia767@gmail.com
উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলৰ মানুহেই কম বেছি পৰিমাণে কামাখ্যাৰ শক্তিপীঠখনৰ কথা জানে। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি পীঠ কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ ভূমিকা লৈ আহিছে।
কামাখ্যাৰ দৰে সমগ্ৰ ভাৰততে আৰু একাৱন্নখন জাগ্ৰত পীঠ আছে বুলি জনা যায়।  এই ঐতিহাসিক পীঠখনৰ বিষয়ে আমাৰ এই প্ৰবন্ধত পীঠখনৰ বিষয়ে আলোচনা কৰিব ওলাই আমাৰ নিজৰ কবিতা এটালৈয়ে মনত পৰিছে য’ত তাহানিতে আমি লিখিছিলোঁ-
“নৰকাসুৰৰ সপোন সুন্দৰী 
শিৱৰ অৰ্ধাংগিনী তুমি
যক্ষ পিতাৰ তিৰস্কাৰত
আত্মাহুতি দি 
আছা নীলাচলৰ আঁচল চুমি
বিশ্বসিংহৰ ভক্তিৰ অঞ্জলি যাঁচি
পূবৰ ভকতি দুৱাৰত আহি বোৱাইছা শান্তি 
ঋষি বশিষ্ঠই তোমাৰ দৰ্শন নাপাই সাপিলে নৰকাসুৰক 
অসুৰৰ সংহাৰ গ’ল বাঢ়ি 
যদুনন্দন আহিল চক্ৰ ধৰি
হে কাত্যায়নী দেৱী মহিষী মৰ্দিনী
সমস্ত পাপৰ বিষহাৰিনী
দেৱী চামুণ্ডা কালী
কত যুগ ধৰি পাইছা তুমি খিলঞ্জীয়াৰ পূজা
আজি চৌদিশে আমাক বিপদে ধৰিছে বেঢ়ি,
নহয় ইটো অম্বুবাচী নিবৃত্তি 
তথাপি দিয়া সাহসৰ মন্ত্ৰ
আগবঢ়াম আমি ৰক্তবস্ত্ৰ।।”
○নৰকাসুৰে সজাইছিল কামাখ্যা মন্দিৰ○
কামাখ্যাৰ ইতিহাস বিচাৰিলে  নৰকাসুৰৰ আগৰ কালছোৱাৰ সময়খিনি কথা স্পষ্টভাৱে বিশেষ পোৱা নাযায়। নৰকৰ ৰাজত্ব কাল অষ্টম শতিকা বুলি ধৰিলে ষষ্ঠ আৰু সপ্তম শতিকাৰ সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে  কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি ভাবিব পাৰি। নৰকে কেৱল এইসময়ৰ বহুলভাৱে পূজিত দেৱীগৰাকীৰ পূজাৰ বাবে পীঠ স্থানখন বৰ আগ্ৰহেৰে নিৰ্মান কৰিছিল। বহুতে নৰকে নীল নামৰ পৰ্বতখনৰ কোনো এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও কব খোজে। নৰকৰ সময়ত যোনীপীঠখনৰ ওচৰে পাজৰে কেইঘৰমান কোচ,মেছ,বড়ো,খাছীয়া
আদি লোকৰ পৰিয়ালহে আছিল বুলি জনা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গলে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল বুলি ভবাৰ অৱকাশ আছে। অষ্টিকসকলৰ ধাৰনাত আকৌ কামাখ্যাক শ্মশান সংশ্লিষ্ট দেৱী বুলিহে জনা যায়।খাচীসকলে ইয়াক ‘কামেইখা’হে বোলে। আকৌ প্ৰচলিত এক কাহিনীমতে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। ড• বানী কান্ত কাকতিয়ে কামাখ্যা অষ্টিক আৰু মংগোলিয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে কব খোজে। ড• সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্ত্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে 630-644খৃঃত ভাৰতলৈ অহাৰ সময়ত পীঠখনৰ কোনো কথা ক’তো বৰ্ণনা নকৰালৈ চাই সেইসময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি ল’বলৈ টান লাগে ।
○কোঁচ ৰজা  বিশ্বসিংহৰ কামাখ্যা মন্দিৰলৈ অৰিহণা ○
18 গৰাকী ৰানী একেদিনাই বিয়া কৰোৱা এইগৰাকী কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মানৰ বাবে যথেষ্ট অৰিহনা যোগাইছিল বুলি’কোঁচ-কমতাৰ ইতিকথা’ নামৰ দ্বীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ গ্ৰন্থখনৰ 61পৃষ্ঠাৰ পৰা 64 পৃষ্ঠালৈ উল্লেখ আছে।
কোচ মহাৰাজ বিশ্বসিংহ (১৫১৫-১৫৪০) এবাৰ ভায়েক শিষ্যসিংহৰ লগত আহোম ৰাজ্যৰ  পৰা ঘূৰি আহোতে দুয়োভাতৃ ৰাতি নিজৰ সৈন্যদলৰ পৰা বিছিন্ন হৈ পৰে।তেওঁলোকে নিশাৰ ভাগত ঘুৰি ঘুৰি গুৱাহাটীৰ সমীপৰ নীলাচলত উপস্থিত হৈ এগৰাকী বৃদ্ধই এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই  ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিৱ পাৰে।ৰজাই উক্ত পীঠত গৈ সেৱা কৰি শপত ললে যে যদি ভায়েক আৰু সৈন্য সামন্তক লগ পাই তেন্তে কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মান কৰিব। কিন্তু কথামতেই কাম হ’ল তিনিদিনৰ ভিতৰত  বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যাপীঠত মন্দিৰ নিৰ্মান কৰে। জনামতে তেতিয়াৰ পৰা কামাখ্যাভক্ত হৈ পৰে বিশ্বসিংহ। বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময় ছোৱা উলিয়াব লাগিলে 1540 খৃঃৰ আগৰ হবই লাগিব। কাৰণ বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে  1540। 
○কেইবছৰমান নীলাচলত দেৱীপূজা হোৱা নাছিল○
গৌড় ৰজাৰ সেনাপতি  কালাপাহাৰে 1553 খৃঃত কেইবাটাও হিন্দু মন্দিৰৰ লগতে কামাখ্যা মন্দিৰো ভাঙি চিঙি চুৰমাৰ কৰাৰ পিছত 1565ত কোঁচ ৰজা নৰনাৰায়নে পুনৰ মন্দিৰটো পুনৰ নিৰ্মান কৰে বুলি জনা যায়। অৰ্থাৎ 1553 ৰ পৰা 1565চনলৈ এঘাৰ বছৰকাল মন্দিৰ  নোহোৱাকৈ বা ভগ্নস্তুপতে পূজা অৰ্চনা চলিছিল বুলিব পাৰি। 
○নৰনাৰায়নে  কামাখ্যা মন্দিৰ নিৰ্মান কৰাৰ সময়কাল○
বিশ্বসিংহৰ দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা  দুৰ্বলতা আছিলেই। 1540 খৃঃত নৰনাৰায়ন কোঁচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা দেশ জয় কৰি 1563ত আহোম ৰাজ্য আক্ৰমন কৰি গড়গাঁও অধিকাৰ কৰিছিল।তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা ,কছাৰী,জয়ন্তীয়া আদি  ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে।  তাৰ পিছত গৌড় দেশ আক্ৰমন কৰোঁতে সেনাপতি চিলাৰায় তাত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি  কালাপাহাৰে হেলাৰঙে
কামাখ্যা ধ্বংস কৰি থৈ যায়।  নৰনাৰায়নৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদোগত লয়।  নৰনাৰায়নৰ ভাতৃ চিলাৰায় দেৱানে ‘মেঘামুকদুম’ নামৰ ৰাজ ভাস্কৰ্য শিল্পীৰ হতুৱাই  মন্দিৰটো নিৰ্মান কৰিছিল। জনামতে মহৎৰাম বৈশ নামৰ ৰাজ কৰ্মচাকৰী এজনক মন্দিৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেবাটাও নেতিবাচক কথা দেখি এই কাম  ‘মেঘামুকদুম’ক দিয়ে। তেওঁৱেই পৰৱৰ্ত্তী সময়ত মন্দিৰটো বনায়।
○মন্দিৰটোৰ বিষয়ে আৰু অলপ○
 কোচঁ ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙনি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা থাৱৰ কৰিৱ পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলে পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্য সমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে।   ‘দৰং ৰাজবংশাৱলী’ত কোৱা হয় দেৱীয়ে হেনো কেন্দুকলাই নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা উলংগ নৃত্য কৰিছিল মন্দিৰৰ চৌহদৰ ভিতৰত। এবাৰ তেনে নৃত্য কৌশল কৰি চাবলৈ নৰকাসুৰে অভিসন্ধি কৰাত। দেৱীয়ে খঙতে কেন্দুকলাই নামৰ পুৰোহিতজনক প্ৰচণ্ড চৰ সোধাই। তেতিয়া তেওঁৰ মূৰটো চিঙি গৈ ওডালগুৰি জিলাৰ কলাইগাঁৱৰ ওচৰত পৰেগৈ। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত মূৰাদেৱৰ দেৱালয় আছে।

মতামত দিয়ক