ভোগালী সংখ্যাৰ প্রজ্ঞা-প্রহেলিকা শিতান…

(ক) হাজোত ভোগালী বিহুৰ সময়ত অনুস্থিত হোৱা বুলবুলি চৰাইৰ যুঁজৰ মূখ্য বিচাৰপতি জনক কি বুলি জনা যায় ?

(খ) অসম সাহিত্য সভাৰ আগন্তুক বৰপেটা অধিৱেশন-(২০১৩ বর্ষ) ৰ নৱ-নির্বাচিত সভাপতিজনৰ নামটো কি ?

এই সংখ্যাৰ প্রজ্ঞা-প্রহেলিকা শিতান……

সাঁথৰ-ভঙা……

(১) সিৰলা সিৰলি পাত, তাত নাখায় ভাত।

    সূৰুয মুখে যাব লাগে, ছয় মাহৰ বাট।।

(২) লাউ লিটিকা, গুটি পিটিকা

     নিকলি বাকাল নাই।

     আজি খলি যে কালি পাবি

     আৰটো পাবাৰ নাই।।

(৩) কোন বেটিৰ হিয়া—

    মাটিৰ তলত ছাৱা থৈ,

    ওপৰত দিছে থিয়া।।

 

যোৱা সংখ্যাৰ সাথৰৰ উত্তৰ…

(১) আঙঠি , (২) কোমোৰা

জুলাই সংখ্যাৰ প্রজ্ঞা-প্রহালিকা শিতান

এই মাহৰ সাঁথৰ……………

(১) দেখিলি লাগে নেদেখিলে নাই ।

আদখিনি মান পালাক যেথেন ।

মল্লু মল্লু কল্লাক তেথেন

গতে খিনি গেল যেথেন ।

মিচিক কৰি হাঁহে তেথেন ।।

 

(২) গছ কাটিব গলোঁ মই কান্ধত কুঠাৰ লৈ ।

গছো আছে মৰি ফলো আছে ধৰি