এল.পি.জি. চিলিণ্ডাৰৰ ব্যৱহাৰৰ সময়সীমা উকলি যোৱাটো কেনেকৈ জানিব পাৰি ?

ব্যৱহাৰৰ সময়সীমা উকলি যোৱা এল.পি.জি. চিলিণ্ডাৰে যিকোনো সময়তে দূর্ঘটনা ঘটাব পাৰে, গতিকে এল.পি.জি. চিলিণ্ডাৰৰ ব্যৱহাৰৰ সময়সীমা উকলি যোৱাটো জনাটো অত্যাৱশ্চকীয়।

       এল.পি.জি. চিলিণ্ডাৰৰ ঠাৰি সদৃশ তিনিটা অংশৰ যিকোনো এটাত ব্যৱহাৰৰ সময়সীমা এক বিশেষ সূত্রেৰে(code) লিখা থাকে। এই বিশেষ সূত্রটোত (code) ইংৰাজী বর্ণমালাৰ A বা B বা C বা D বর্ণৰ লগত দুটা সংখ্যা (০ ৰপৰা ৯ ৰ ভিতৰত) সংযুক্ত কৰি লিখা হয়।

       ইংৰাজী বর্ণমালাৰ A,B,C,D বর্ণকেইটাৰ প্রতিটো বর্ণই বছৰটিৰ এক চতুর্থাংশ অর্থাৎ তিনিমাহ সময় বুজায়।

       “A” বর্ণই বুজায় মার্চ মাহৰপৰা মে’ মাহৰ সময়সীমা অর্থাৎ মার্চ,এপ্রিল আৰু মে’ মাহৰ সময়সীমা,

       “B” বর্ণই বুজায় জুন মাহৰপৰা আগষ্ট মাহৰ সময়সীমা অর্থাৎ জুন,জুলাই আৰু আগষ্ট মাহৰ সময়সীমা,

       “C” বর্ণই বুজায় চেপ্তেম্বৰ মাহৰপৰা নৱেম্বৰ মাহৰ সময়সীমা অর্থাৎ চেপ্তেম্বৰ,অক্টোবৰ আৰু নৱেম্বৰ মাহৰ সময়সীমা,

       “D” বর্ণই বুজায় ডিচেম্বৰ মাহৰপৰা ফেব্রুৱাৰী মাহৰ সময়সীমা অর্থাৎ ডিচেম্বৰ,জানুৱাৰী আৰু ফেব্রুৱাৰী মাহৰ সময়সীমা ।

       আকৌ সংখ্যা দুটাই ব্যৱহাৰৰ সময়সীমাৰ অন্তিম বছৰটো বুজায়।

       উদাহৰণস্বৰূপে এল.পি.জি. চিলিণ্ডাৰত উল্লেখ থকা বিশেষ সূত্র (code) টো “C20” বুলি ধৰা হ’ল। গতিকে “C20” বুলি লিখা থাকিলে বুজিব লাগিব যে  এল.পি.জি. চিলিণ্ডাৰটোৰ ব্যৱহাৰৰ সময়সীমা ২০২০ বর্ষৰ চেপ্তেম্বৰ মাহৰপৰা নৱেম্বৰৰ ভিতৰত উকলি যাৱ।

 

PUPULA DUPLEX নো কি ?

লেটিন ভাষাত PUPULA DUPLEX  ৰ অর্থ হ’ল “দুটা মণিবলয়”। লিউ চুং (LIU CH’UNG) নামৰ এজন চীনা সম্রাট এবাৰ “REPLYS BELIEVE IT OR NOT” নামৰ এটি অনুষ্ঠানত আহিছিল কাৰণ আচৰিতভাৱে তেখেতৰ প্রতিটো চকুটে দুটাকৈ মণিবলয় আছিল। এই অসাধাৰণ অৱস্থাটোক  PUPULA DUPLEX  বুলি কোৱা হয়  ।

এলিয়েনৰ পৰা সাৱধান…

যদি আপুনি কেতিয়াবা সূদুৰ বহিঃবিশ্বৰ প্রাণী/এলিয়েনক (ALIEN) লগ পোৱাৰ সৌভাগ্য ঘটে ,আৰু এলিয়েনটোৱে আপোনাৰ লগত সৌহার্দপূর্ণভাৱে হাত-জোকাৰী( HAND-SHAKE)ব বিচাৰে তেতিয়া আপুনি এলিয়েনটোৰ শৰীৰত ষ্পর্শ নকৰিব। কাৰণ এলিয়েনটো সূদুৰ বহিঃবিশ্বৰপৰা পৃথিৱীত অৱতৰণ কৰিছে আৰু যদি ধৰি লোৱা হয় যে এলিয়েনটো সৌৰজগতত প্রৱেশ কৰা সময়ছোৱাত ইয়াৰ শৰীৰৰ কোনো অংশৰে পৰিৱর্তন/বিলপ্তি/ধবংস ঘটা নাই (if the alien somehow managed to avoid annhilation during entering our universe ),তেনেক্ষেত্রত এলিয়েনটোৱে মানৱ শৰীৰত ষ্পর্শ কৰাৰ লগে লগেই মানৱ শৰীৰটো এক বৃহৎ পৰিমাণৰ শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে।

চকুৰ পতাত লগোৱা লেনছ্ (contact lens)সহায়ত বহুমুত্র ৰোগীৰ তেজৰ গ্লুক’জৰ মাত্রা পৰীক্ষা

**************************

বনজিত

**************************

                বহুমুত্র ৰোগীসকলৰ বাবে এটি সুখবৰ। UNIVERSITY OF WESTERN ONTARIO ৰ JIN JHANG  নামৰ জৈৱ ৰসায়নবিদজনে বিকশিত কৰা এই বৈপ্লৱীক প্রযুক্তিৰ সহায়ত তেজত থকা চেনীৰ পৰিমাণ এটোপাল তেজো খৰচ নকৰাকৈ সহজেই নির্ণয় কৰিব পাৰি। এই বিশেষভাৱে নির্মিত লেনছ্ খন (HYDROGEL LENS) ত নেন’প্রযুক্তিৰ সহায়ত অতি সৰু আকৃতিৰ ৰাসায়নিক পদার্থ কণিকা সংযুক্ত কৰা হয় যিয়ে চকুলোত থকা গ্লুক’জ কণিকাৰ লগত বিক্রিয়া কৰে আৰু ফলস্বৰূপে লেনছ্ খনৰ ৰঙ গ্লুক’জৰ মাত্রাৰ সমান্তৰালে সলনি হয়। এই ৰঙৰ পৰিৱর্তনৰ ওপৰত নির্ভৰ কৰি ৰোগীৰ তেজৰ গ্লুক’জৰ মাত্রা পৰীক্ষা কৰা হয়।

বিশ্বৰ প্রথমখন কম্পিউটাৰ হার্ড-ডিস্ক ড্রাইভ (HARD DISK DRIVE)

********************************

বনজিত

ই-মেইলঃ banajit007@gmail.com

*******************************

বিশ্বৰ প্রথমখন কম্পিউটাৰ হার্ড-ডিস্ক ড্রাইভ  নির্মাণ কৰি উলিয়াইছিল ১৯৭৯ চনত প্রযুক্তিবিদ্যাৰ ক্ষেত্রত জনপ্রিয় প্রতিষ্ঠান আই.বি.এম.(I.B.M) য়ে। এই হার্ড-ডিস্কখনক জনা গৈছিল IBM MODEL 350 DISK DRIVE নামেৰে। এই বৃহদাকৃতিৰ হার্ড-ডিস্কখনত ৫০ খন সৰু ডিষ্ক সংযুক্ত হৈ আছিল। এনে প্রতিখন সৰু ডিস্কৰে পৰিসীমা ২৪ ইঞ্চি আছিল আৰু প্রতিখনতে ৫ এম.বি. (5 MB) কৈ তথ্য সংৰক্ষণ কৰি থব পৰা ক্ষমতা (হার্ড-ডিস্কখনৰ মুঠ ক্ষমতা ২৫০ এম.বি.) আছিল ।

প্রথমতে কিহৰ সৃষ্টি হৈছিল ? কুকুৰা নে কুকুৰাৰ কণীৰ………

**********************

বনজিত

**********************

 

আমি সকলোৱে সদায় এই প্রশ্নটিৰ উত্তৰ দিবলৈ গৈ বিমোৰত পৰো যে প্রথমতে কুকুৰা নে কুকুৰাৰ কণীৰ সৃষ্টি হৈছিল। এই প্রশ্নটিৰ সঠিক উত্তৰ বিচাৰি এচাম ব্রিটিছ বৈঞ্জানীকে ২০১০ চনৰপৰা গৱেষণা কৰি আহিছে আৰু এটা গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আনিছে যে কুকুৰাৰ কণীৰ খোলাটো গঠন হ’ব’লৈ প্রয়োজনীয় প্রটিনবিধ কেৱল মাত্র মাইকী কুকুৰাৰ অণ্ডাশয়তহে উৎপন্ন হয়। এই বিশেষ প্রটিনবিধ নোহোৱাকৈ কুকুৰাৰ কণীৰ খোলাৰ সৃষ্টি কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।গতিকে প্রথমতে কুকুৰাৰহে সৃষ্টি হৈছিল।

       তথাপিও আমাৰ মনত ওজৰৰ সৃষ্টি হয় যে এইক্ষেত্রত কুকুৰাৰ সৃষ্টি প্রথমতে ক’ৰপৰা আৰু কেনেকৈ হ’ল ? সম্ভৱত: কু্কুৰা প্রজাতিটো অইন কোনো বেলেগ বেলেগ প্রজাতিৰ মিলনৰ ফলত তথা DNA  ক্রুটি বা উৎপৰিৱর্তনৰ ফলস্বৰূপে সৃষ্টি হৈছিল আৰু ক্রমবিকাশৰ জৰিয়তে ই  নিজৰ দৈহিক পৰিৱর্তন কৰি কনী দিব পৰা ক্ষমতাৰে বংশবৃদ্ধি কৰিবলৈ লয়।

পিয়াজ কাটিলে চকুৰ পানী ওলায় কিয় ?

**********************

বনজিত

**********************

পিয়াজত ছালফাৰ-যুক্ত তেলেতীয়া দ্রব্য থাকে। যেতিয়া পিয়াজটো কটা হয়, তাত থকা ছালফাৰযুক্ত কোষবিলাক ভাঙি যায়। গতিকে ছালফাৰযুক্ত দ্রব্যখিনি প্রথমতে ছালফেনিক এছিড (SULFENIC ACID) আৰু পিছত SYNPROPANETHIAL-S-OXIDE  নামৰ এক উদ্বায়ী আৰু অস্থিৰ ৰাসায়নিক পদার্থলৈ পৰিৱর্তন হয়। যেতিয়া এই ৰাসায়নিক পদার্থবিধ বায়ুত মিহলি হৈ চকুৰ সংস্পর্শলৈ আহে, ই চকুৰ পতাত থকা জলীয় কণাৰ লগত বিক্রিয়া কৰি ছালফিউৰিক এছিড উৎপন্ন কৰে, যিয়ে চকুযুৰিৰ ভিতৰিভাগক কষ্ট নিয়ায় আৰু চকুৰ LACHRYMAL গ্রন্থিক উত্তেজিত কৰি তোলে। ফলস্বৰূপে এই গ্রন্থিৰপৰা চকুলো ওলায় যিয়ে ছালফিউৰিক এছিডখিনি ধুই নিয়ায় আৰু আমাৰ চকুযুৰিক ৰক্ষা কৰে।

বিশ্বৰ প্রথমটো ব্যৱসায়িকভাৱে মুকলি কৰি দিয়া কম্পিউটাৰ (COMMERCIAL COMPUTER)

 

 

 

 

UNIVAC -I ( UNIVersal Automatic Computer I ) হ’ল বিশ্ববাসীৰবাবে ব্যৱসায়িকভাৱে মুকলি কৰি দিয়া প্রথমটো কম্পিউটাৰ। কম্পিউটাৰটো বিকশিত কৰা হৈছিল ENIAC ৰ উদ্ভাৱকদ্বয় J.Presper Echert আৰু John Mauchly ৰদ্বাৰা তেওঁলোকৰ ব্যৱসায়িক প্রতিষ্ঠান Echert- Mauchly Computer Corporation ত। এই শ্রেণীৰ প্রথমটো কম্পিউটাৰ UNITED STATES CENSUS BUREAU ক ৩১ মার্চ, ১৯৫১ চনত প্রদান কৰা হৈছিল আৰু বিশ্ববাসীৰবাবে ৪ জুন, ১৯৫১ ত মুকলি কৰা হৈছিল।প্রথম অৱস্থাত যন্ত্রটি ১,৫৯,০০০ $ ত বিক্রী কৰা হৈছিল যদিওঁ যন্ত্রটিৰ বিক্রীমূল্য ১,২৫০,০০০ $ ৰপৰা ১,৫০০,০০০ $ লৈ বৃদ্ধি হৈছিল।
ইয়াৰ উল্লেখনীয় বৈশিষ্ট্যসমূহ হ’ল—–
(ক) যন্ত্রটিৰ ওজন ২৯০০০ পাউণ্ড, যন্ত্রটোৰ আকাৰ ২৫ফুট x ৫০ ফুট, ৫৬০০ ধাতুৰ নলী (tube), ১৮০০০ স্ফটিকাকৃতিৰ ডায়’ডযুক্ত (crystal diode) আৰু আভ্যন্তৰীণভাৱে ৩০০টা তথ্য সম্প্রচাৰত কৰিবপৰা কেন্দ্র(relays) আছে।
(খ) যন্ত্রটিত সংযুক্ত ক্রমবদ্ধ বৈদ্যুতিক বর্তনী(serial circuitry)ৰ সহায়ত ২.২৫ মেগাহার্জ (MHz) বিটৰেট্( bitrate) গতিত প্রক্রিয়াবোৰ সম্পাদনা কৰিব পাৰে।
(গ) যন্ত্রটোৰ আভ্যন্তৰীণ সঞ্চয় ক্ষমতা(internal storage capacity)ৰ সহায়ত ১২,০০০ আখৰ/বর্ণ বা ১০০০ শব্দ সঞ্চয় কৰি থ’ব পাৰি।
(ঘ) UNIVAC –I হ’ল চুম্বকীয় ফিটা (magnetic tap) যুক্ত তথা বাফাৰ(buffer) প্রযুক্তি সম্বলিত প্রথমটো কম্পিউটাৰ।
(ঙ) যন্ত্রটিক প্রয়োজনীয় বৈদ্যুতিক শক্তিৰ পৰিমাণ হ’ল ১২০ KVA । ক্ষিপ্র সময় প্রক্রিয়াবোৰ(processing time speed) হ’ল ক্রমে পাটীগণিতীয় কার্য (arithmetic function)ৰ বাবে ০.৫২৫ মিলিছকেণ্ড,পূৰণ কার্য(multiplication)ৰ বাবে ২.২৫ মিলিছকেণ্ড আৰু হৰণ কার্য (division)ৰ বাবে ৩.৯ মিলিছকেণ্ড।

******************
বনজিত
******************

 

 

 

 

ওজন বিভ্রান্তি…………

এক পাউণ্ড চৰাইৰ পাখিৰ ওজন বেছি নে এক পাউণ্ড সোণৰ ওজন বেছি বুলি প্রশ্ন কৰিলে স্বাভাৱিকতে দুয়োটাৰে ওজন একে বুলি ভবা হয় যদিও দৰাচলতে এক পাউণ্ড চৰাইৰ পাখিৰ ওজনহে এক পাউণ্ড সোণৰ ওজনকৈ বেছি হয়। চৰাইৰ পাখিৰ ওজন লোৱা পদ্ধতি আৰু সোণৰ ওজন পদ্ধতি প্রকৃততে
ভিন্ন। চৰাইৰ পাখিৰ ওজন লোৱাৰ ক্ষেত্রত ব্রিটিশ্ব্ পদ্ধতি “ এভাইৰডপইয্ একক পদ্ধতি (AVOIRDUPOIS UNIT)’’ আৰু সোণৰ (লগতে অইন মূল্যবান ধাতু, ৰত্ন)ৰ ওজন লোৱাৰ ক্ষেত্রত ট্রয় একক (TROY UNIT)পদ্ধতি অৱলম্বন কৰা হয়। এভাইৰডপইয্ একক পদ্ধতিত এক পাউণ্ড ১৬ আউন্সৰ সমান আৰু ট্রয় একক পদ্ধতিত এক পাউণ্ড ১২ আউন্সৰ সমান বুলি ধৰা হয়। ১ এভাইৰডপইয্ আউন্স = ৪৩৭.৫ গ্রেইন (grain) আৰু ১ ট্রয় আউন্স = ৪৮০ গ্রেইন। আকৌ ১ গ্রেইন = ০.০৬৪৭৯৮৯১ গ্রাম।
গতিকে (চৰাইৰ পাখিৰ ক্ষেত্রত) এভাইৰডপইয্ একক পদ্ধতিমতে, ১ পাউণ্ড = ১৬ আউন্স = ১৬ x ৪৩৭.৫ গ্রেইন = ৭০০০ গ্রেইন = ৭০০০ x ০.০৬৪৭৯৮৯১ গ্রাম = ৪৫৩.৫৯ গ্রাম।
আকৌ (সোণৰ ক্ষেত্রত) ট্রয় পদ্ধতিমতে ,১ পাউণ্ড = ১২ আউন্স = ১২ x ৪৮০ গ্রেইন = ৫৭৬০ গ্রেইন = ৫৭৬০ x ০.০৬৪৭৯৮৯১ গ্রাম = ৩৭৩.২৪ গ্রাম।
গতিকে শুদ্ধ উত্তৰটি হ’ব যে এক পাউণ্ড চৰাইৰ পাখিৰ এক পাউণ্ড সোণৰ ওজনকৈ ৮০.৩৫ গ্রাম বা ১,২৪০ গ্রেইন বেছি।

******************
বনজিত
******************