তোমাৰ তুমি

তোমাৰ তুমি

          

    ✍ বিকাশ নীল

               ঠিকনা- লালুক,লখিমপুৰ

               দূৰভাষ-৮৮৭৬০০৫৭২৪

 

বৰষুণ তুমি
আলফুলীয়া সেই টোপালবোৰত
তোমাৰ তুমি;

শীতল কেনভাছত
আলফুলে অঁকা এখন জীৱন্ত
ছবি তুমি,সেই মিঠা বৰ্ণালীত
তোমাৰ তুমি;

তোমাৰ তুমিত
মোক বিছাৰি ফুৰোঁ
বৰষুণত তিতি তিতি
আবেলি গধুলি….

বৰষুণজাকে মোৰ বুকুতে
ঘৰ এটি সাজক বুলি
আঁকি থওঁ সেউজী বননি,
আন্ধাৰৰ মাজতো খেপিয়াই় ফুৰোঁ
পোহৰৰ আলিংগন
তুমি আহিবা বুলি…

 

ছবি সৌজন্য : ৰাকেশ দত্ত ( চাব পাৰে – http://www.SkecthMyPics.com )

 

শাৰদীয় বতৰৰ এখন চিঠি

শেৱালি xewali art by rakesh

মৰমৰ …. 
মৰম লবা

নাজানো হৃদয়ত কিমান মৰম থাকিলে 
কাৰোবাক মৰমৰ বুলি ক’ব পাৰি 
ভুল হ’লে ক্ষমিবা

শাৰদীয় জোনাকৰ মোহনাত 
তোমালৈ নিবিড় ভাৱে মনত পৰিছে প্ৰিয়তোমা  
তোমাৰ প্ৰেমৰ উষ্ণতাত ঢালি দিছোঁ 
মোৰ ভালপোৱাৰ শিখা 
মাথো উমি উমি জ্বলিবলে

কেনেকৈ কওঁ 
কোন তুমি মোৰ বাবে 
হয়তো বুজাব পৰা সাৰ্থকতা 
মোৰ ওচৰত সীমাবদ্ধ 
তথাপিতো বাৰে বাৰে আঁকিছো 
শাৰদী ৰাণীৰ সমস্ত অলংকাৰেৰে 
হৃদয়ৰ কেনভাচত 
মাথোঁ তোমাকেই

ডাষ্টবিনৰ আৱৰ্জনাৰ প্ৰলাপবোৰ 
হয়তো খুবেই ঘৃণিত 
সেয়ে ইয়াতে সামৰিছো 
তুমি হয়তো কবা 
কি সব যে লিখিছে
য’তসব পাগলৰ কাৰ্য কলাপ 
অথবা ইউজলেচ ইম’চন

পুনশ্চ – 
      শাৰদীয় ৰাণীৰ ৰুপালী জোনাকত 
      পঢ়িব বিচাৰিছোঁ 
       তোমাৰ কুুকুৰ ঠেঙীয়া আখৰত 
       জীৱনৰ অমিয়া 
       সময় হলে লিখিবা ।

✍ মেহেনাজ সৰকাৰ

ওৱেষ্ট গোৱাল পাৰা কলেজত বসন্ত অনা ছোৱালীজনী

সাধাৰণ হাড় মঙহৰে গঠিত 
বাস্তৱ আজলী কুঁৱৰী তাই 
নিয়ৰৰ দলিচায়েদি 
ওৱেষ্ট গোৱাল পাৰা কলেজত তাই আহে 
গাভৰু আবেদনময়ী বসন্ত হৈ

শান্ত সৌম্য এক উজ্জ্বল নক্ষত্ৰ 
আমানিশাৰ মাজতো জিলিকি উঠে 
যেন সদ্যস্নাতা মহাসূৰ্য

মাখন বৰণীয়া মধ্যমিয়া শৰীৰৰ 
তাইৰ পাতল লিপিষ্টিকৰ ওঁঠত মিচিকিয়া হাঁহি বাবে 
বহু  কবি হয় 
জোনাকৰ নিয়মীয়া প্ৰেমিক 
আঘোণৰ ডাঠ কুঁৱলীকো নেওচি 
ৰচিব পাৰে ভালপোৱা ভালপোৱা মধুৰ সংগীত

তাই কলেজত আহিলে 
ডালে ডালে কৃষ্ণচূড়া ফুলে 
শৰ্মা ছাৰে মধু বুলি মাতে 
বহু উতনুৱা ডেকাই চোকে কোনে ৰৈ থাকে 
মৰমৰ হেজাৰ সুশোভিত বাক্যৰ 
ফুল শৰে বিদ্ধ কৰিবলে;

থুথুৰীৰ পাতল ক’লা দাগটোৱে যেন
তাইৰ সৌন্দৰ্যৰ সোণত সুৱগা চৰে 
অসমীয়াত গুৰু বিষয় লৈ 
তাই প্ৰমাণ কৰিলে 
লাচিত বৰফুকনৰ দেশত অসমীয়াৰ কৰ্তব্য কি

গহীন গম্ভীৰ মাৰ্জিত আচৰণৰ 
তাইৰ জীৱন   আকাশত 
কেতিয়াও মেঘে ভুমুকি মৰা নাই 
বেলি ফুলে সদায় দি যায়  
কলিজাৰ হাবিতলীয়া সেউজময়তাত 
পোহৰ সুগন্ধ ।
  

✍ মেহেনাজ সৰকাৰ

প্ৰেম , সপোন আৰু অন্যান্য

পাতনি 
মোৰ জীৱন  বলুকাত 
ৰোমন্থনৰ প্ৰতি সিৰাই সিৰাই; 
এখনি সোনবৰণীয়া গাঁও ( লালকুৰা )
য’ত 
অহৰহ ভাৱে ভুমুকি মাৰে 
প্ৰেম , সপোন আৰু অন্যান্যৰ 
গোলাপ ৰঙী হাঁহি এটাই

     প্ৰেম 
নিৰানব্বৈটা বেলুন আকাশত উৰুৱাই 
ভালপোৱাৰ ঋতু অহাৰ সংকেত দি 
মোৰ জীৱনলে আহিল প্ৰেম 
মনৰ অজান্তে ভালপাব পৰা হ’লো 
লালকুৰা গাঁৱৰ ফুলবোৰ চৰাইবোৰ মানহবোৰ 
আনকি মোৰ বেয়া লগা বস্তুবোৰো 
প্ৰেম হয়তো এনেকুৱাই 
নিজকে হেৰুৱাই 
কিবা এটা পোৱাৰ সেউজ বাসনা

      সপোন 
আশাৰ পানচৈ মেলি 
এটুকুৰা সপোনে গজালি মেলিছে 
লালকুৰাৰ পলসুৱা মাটিডৰাত 
মৃদু মলয়াত লহপহকৈ নাচিবলে 
সময়ৰ সেওঁতাত 
এন্ধাৰৰ ক’লা বৰ্ডত
আৱদ্ধ হ’ল সপোনৰ প্ৰতিটো অধ্যায় 
হয়তো বটবৃক্ষ হৈ বাঢ়িব
কোনো এটি উমাল বসন্তত

       আৰু অন্যান্য 
কঁহুৱা ফুলীয়া সুবাস হৈ
সঘনে উঠা নমা কৰিছে লালকুৰাৰ 
এখনি মনোলোভা ছবি 
হয়তো মোলৈ 
সংগোপনে প্ৰেমৰ চিঠি লিখিছে ।
       

✍ মেহেনাজ সৰকাৰ

কবিতা ভালপোৱা ছোৱালীজনী

ৰঙা ৰঙা শিমলু ফুলা 
লালকুৰা গাঁৱৰ কবিতা ভালপোৱা ছোৱালীজনী 
আজিও ভালপোৱানে কবিতা 
একেই আছনে তোমাৰ ৰুচি অভিৰুচি
থাকিলে অৱশ্যেই জনাবা 
তোমাৰ কবি 
এতিয়াও তোমাৰি ভাস্কৰ্য্য অংকন কৰাত ব্যস্ত 
কাব্য কাননৰ নিলিম আকাশত

কবিতা ভালপোৱা ছোৱালীজনী 
আজিও একেই আছে মোৰ 
সেই দুৰ্দান্ত সাহস 
তোমাৰ চকুত চকু থৈ 
কবিতা আবৃত্তি কৰিবলে 
কিন্তু …
কিন্তু সময়ৰ চাকনৈয়াত
আজি মই বহু দূৰত্বৰ ব্যৱধানত

দূৰত্বৰ সীমাৰেখা ভাঙি 
আজিও আবৃত্তি কৰো 
জোনাকৰ মোহনাত , কৃষ্ণচুড়াৰ দলিচাত 
আমানিশাৰ এন্ধাৰৰ নিষিদ্ধ গলিত 
তোমাৰ প্ৰিয় কবিতা 
কবিতা ভালপোৱা ছোৱালীজনী 
শুনিছানে তুমি ?

কবিতা ভালপোৱা ছোৱালীজনী 
তুমি কবিতা ভালপোৱা বাবেই 
মই কবি 
তুমি কবিতা ভালপোৱা বাবেই 
মই তোমাৰ দুৰ্দান্ত প্ৰেমিক 
তুমি কবিতা ভালপোৱা বাবেই 
মই সপোনৰ চৈ দিয়া নাওঁৰ শ্ৰেষ্ঠ নাৱিক

কবিতা ভালপোৱা  ছোৱালীজনী 
বুকুৰ হাৰ্ডিক্সত ছেভ হৈ থকা কথাষাৰ 
আকৌ তোমাক ক’ব বিচাৰিছোঁ 
কবিতাৰেই 
হৃদয়ৰ নিৰ্জন দ্বীপৰ পঁজা ঘৰত 
তোমাক স্হায়ী বাসিন্দা কৰাৰ 
দীৰ্ঘদিনীয়া হেঁপাহ 
আজিও একেই আছে । 
    

  ✍ মেহেনাজ সৰকাৰ

কি নামেৰে মাতিম তোমাক

কি নামেৰে মাতিম তোমাক 
কাজললতা , বন্দনা , মেঘালী , অনামিকা 
ওঁহো ! কোনো নামেৰেই যে ৰিজোৱা সম্ভৱ নহয় 
তোমাৰ হাস্যজ্জ্বল
স্বচ্ছল , বেগৱতী ৰূপলাৱন্যৰ উত্তাপ

হিয়াৰ দুৱাৰখন খুলি দিয়ানা 
কবি নাম লৈ সৃষ্টি কৰোঁ 
সেউজীয়াৰ অন্য এক পান্ডুলিপি 
ভালপোৱাৰ এটি নিলিম ছাতি

চিকমিক ৰূপালী তৰাৰ দেশত 
তুমি কিন্তু নাজাবা দেউ 
জোনটিয়ে লাজ পাব 
সি আৰু কেতিয়াও 
মূৰ তুলি নাচাব

কি নামেৰে মাতিম তোমাক 
বিশ্ব সম্ৰাটৰ শ্ৰেষ্ঠ দুহিতা
মুগ্ধ , নিবিড় বিস্ময়ৰ উৎস ধাৰা 
ভুল হ’লে ক্ষমিবা ।

  ✍  মেহেনাজ সৰকাৰ

তোমাক নেদেখা বহুদিনেই হ’ল

তোমাক নেদেখা বহুদিনেই হ’ল
যন্ত্ৰণাৰ জীয়া জুইকুৰা নুমাবলে
ফাগুনৰ ৰংতুলিকাৰে 
বাৰে বাৰে অংকন কৰিছো 
হিয়াৰ মলিন দাপোনত 
তোমাৰ নিভাজ প্ৰতিচ্ছবি

জোনৰ সৈতে কথা পাতিছো
আকাশৰ ঠিকনাত চিঠি লিখিছোঁ 
তুমি জানো পোৱা নাই 
তোমাৰ কবিৰ 
একাঁবেকা কবিতাৰ চিঠি ?

তোমাক নেদেখা বহুদিনেই হ’ল
তোমাক এপলক দেখাৰ বাবে 
এমুঠি মৌ মিঠা মাত শুনাৰ বাবে 
লাজুক লাজুক চাৱনিৰ বাবে 
হৃদয় মোৰ ব্যাকুল

তুমি জানো লিখিব নোৱাৰা 
মোৰ দৰে 
আকাশৰ ঠিকনাত তোমাৰ কথাবোৰ 
লিখিবা
মই ঠিক পাম চাবা

তুমি লিখিলে 
সন্ধা তৰাটিয়ে মোক 
তোমাৰ আগমনী বতৰা দিব 
মই যে ৰৈ থাকো 
সদায় তোমাৰ বাবে

তোমাক নেদেখা বহুদিনেই হ’ল ।

✍ মেহেনাজ সৰকাৰ

কোন তুমি

নাহৰ ফুলত তোমাৰেই সুগন্ধ

ৰামধেনুৰ সাতু ৰং তোমাৰেই ছবি,

তোমাৰ নয়ন যেন পদুমৰ পাহি ,

চিক মিক বিজুলী যেন তোমাৰ হাঁহি ,

তোমাৰ দেহ যেন ফুলৰ পাহি ,

এবাৰ হাঁহি দিয়া না অৰুন্ধতী ।

জুবিন ককাইদেউয়ে কোৱাৰ দৰে তোমাৰ হাঁহিলে মুকুতা মনি সৰে ,

না তুমি ৰম্ভা ,

না তুমি মেনকা ,

তুমি মাঠো মোৰ মন আকাশত ফুলি থকা এপাহী ফুল ।

অ মোৰ হিয়াৰ টুকুৰা ,

সপোনৰ ৰাণী তুমি ,

কেতিয়া আহিবা তুমি মোৰ কাষলৈ ,

তোমালোকৰ ঘৰৰ ওচৰৰ পেৰা অসম বিখ্যাত ,

কিন্তু তুমি মোৰ বাবে সকলো

হিয়াৰ মুকুতা মনি

অ মোৰ সপোনৰ ছোৱালী জনি , হ’বা নে তুমি মোৰ জীৱন লগৰী ?

মাধুৰ্য্য বৰা

দেৰগাঁও , অসম 
৮১৩৫৯২৮০৫৯

প্ৰতিবাদ

 

চাৰিওফালে কেৱল অনিয়ম
দুর্নীতি , হিংসাই দহিচে সমাজখন ,
আনক মাৰি কেনেকৈ জীয়াই থাকো, এয়াই আজি সমাজৰ মূল সূত্ৰ ,
এখন যুদ্ধ প্ৰয়োজন আমাক নিজৰ লগতে যুদ্ধ ।
চাৰিওফালে দেখিছো মৰিশালী মানুহ দেখোন কতো নাই ।
এতিয়াও মাজৰাতি কাৰোবাৰ উচুপনি , মই শুব নোৱাৰো ।
সেয়া দেখোন মোৰ মাৰ কান্দোন ,
চকুত চকুপানী , কিয় ?
মোৰ মাৰ বুকু তেজেৰে ৰাঙলী হৈছে , মই শুই আছোঁ
আই তুমি বৰ দূৰ্ভগীয়া ,
কিয়নো তুমি এনে পুত্ৰৰ মাতৃ
যি পুত্ৰই তোমাৰ চকুপানী নিৰৱে চাই আছে ।
ধিক এনেকুৱা পুত্ৰ ,
কিমান ৰাতি আৰু উজাগৰে মোৰ আয়ে উচুপি থাকিব ?
যদি সচাঁ অৰ্থত অসমীয়া হয়,
ওলাই আহা বুকুৰ তেজেৰে নতুন অসম গঢ়িম ।

মাধুৰ্য্য বৰা
দেৰগাঁও , অসম
৮১৩৫৯২৮০৫৯

দুৰ্বল ভিখাৰী প্ৰেমিকৰ এখনি চিঠি

তাজমহল সৃষ্টি কৰিব নোৱাৰাত
দুখ কৰা নাই 
তোমালৈ দুৰ্বল ভিখাৰী প্ৰেমিকৰ 
শস্য শ্যামলা যেন লহপহীয়া 
এখনি চিঠি লিখিলো 
সময়ৰ খোজত ধৰি ৰাখিবা

নাজানো কি বিশেষণেৰে শুৱনি কৰিব তোমাক 
অভিধানৰ প্ৰতিখিলা পাতেই ব্যৰ্থতা ঘোষণা কৰিছে

জানা , হিয়াৰ নিৰৱ উপত্যকাত 
তোমাৰ ফুলকোমলীয়া অনুভৱেৰে গঢ়া 
প্ৰেমৰ জুপুৰিটো  
আজিও একেই আছে 
মাথো তোমাৰ স্পৰ্শ বিহীন 
নিৰ্জীৱ ,  নিষ্প্ৰান , উৎতপ্ত মৰুভূমি

তুমিতো মোক পাহৰি গৈছা 
নতুন সম্বন্ধৰ সেতু বগাই 
নতুন জোনাকৰ সৈতে কবিতা ৰচিবলে 
কিন্তু 
দুৰ্বল ভিখাৰী প্ৰেমিকজনে ৰৈ আছে 
আকাশৰ নীলাত 
সাতোৰঙী ৰামধেনুৰে তোমাক আঁকিবলে

নি:শব্দ গভীৰ ৰজনীৰ বোকোচাত 
জিলিৰ মাতত সাৰ পালো মই 
মই দেখোন মোৰ মাজত নাই 
তোমাৰ ভালপোৱাৰ সেউজীয়া অৰণ্যত 
কেইটিমান শুকান কবিতা লৈ জী উঠা 
মই এজন নষ্ট ল’ৰা

নষ্টৰ ঘূণপোকে এৰি থোৱা
জীৱনৰ অৱশিষ্ট খিনিও
হেৰুৱাবলে ক্ৰমশঃ আগবাঢ়িছো …

জানা , পোহৰলৈ ওলাবলে ভয় লাগে 
জানোচা , নষ্ট ল’ৰা মুখনি চাই 
কাৰোবাৰ যাত্ৰা ভংগ হয়

ব্যৰ্থতাৰ গান গাই
তোমাক আৰু আমনি কৰিব বিচৰা নাই 
হৃদয়ত উতলা অনুভূতিবোৰ 
মনৰ অজান্তেই লিখিয়েই পেলালো …

ইতি 
        তোমাৰ দুৰ্বল ভিখাৰী প্ৰেমিক 
           মেহেনজ সৰকাৰ