বান্ধোন [খণ্ড 2] 

✍ হিৰণ্য  ডেকা
ই-মেইল: hiranya321@gmail.com

খণ্ড ২

তাই অহা দেখিলেই তাইৰ দেউতাকৰ চাইকেলৰ পিছে পিছে পেদেল মাৰো পুষ্পৰ ঘৰলৈ । তাইৰ স্কুলত যাবলৈ হ’লে পুষ্পৰ ঘৰৰ ওচৰৰ তিনিআলি হৈ যাব লাগে। আমি পুষ্পৰ ঘৰত মাত লগাই একেলগে স্কুল যাওঁ। পুষ্প আৰু তাৰ বায়েক এখন চাইকেলত আৰু আমি দুয়ো এখনত।


সিদিনা তাই স্কুললৈ অহা নাছিল। কিয় বা নাহিল তাই আজি । কি বা হ’ল । তেনেকৈয়ে আমি স্কুল গলো যদিও মোৰ মনটো কিবা ভাল নালগিল। সমীন মোৰ খুব ভাল বন্ধু, কথাটো তাৰ বাহিৰে আন কোনেও নাজানে। সি মাজে মাজে মোক জোকাইছিল যদিও বেলেগে সেইটো ধৰিব পৰা নাছিল। সিদিনা তাইক পুৱা নেদেখা কাৰণে সি মোক ইংগিতেৰে জোকাই আছিল। ৰাতিপুৱা তাইক নেদেখিলে মনটো ভালে নালাগে। তাইক মনে মনে ভলপাই পেলাইছিলো যদিও তাইৰ বিষয়ে একো জনা নাছিলোঁ মই। আনকি তাইৰ নামটোও জনা
নাছিলোঁ। তেনেকৈয়ে ভালপাই গৈছিলো। সিদিনা স্কুলৰপৰা আহোতে সমীনে মোক বিশ্বাস দিছিল যে অহাকালি মই তাইক দেখা পাম ।


– তাইৰ হয়টো কিবা অসুখ হৈছে। তাই চাগে আজি সোনকালে পাৰ হৈ গৈছে ।
– হ’ব পাৰে । কিন্তু নাহিবও পাৰে ।– আজি আমাৰ অলপ দেৰি হৈছিল চাগে। অহাকালি মই সোনকালে আহিম, তই ওলাই থাকিবি।
– হ’ব দে, ব’ল এতিয়া আবেলি টিউচনত তাক মই সেয়ে সুধি আছিলোঁ। তাইক কিয় নেদেখিলো । অহাকালি দেখা পাম নে নাপাম।
ক্লাছ ফাইভৰ টিউচন শেষ কৰি আমাক চাৰে পঢ়াইছিলে। আমাৰ ঘৰৰ ওচৰৰ ঝৰ্ণা, পংখী হতে ফাইভৰ টিউচনত অহা দেখা পালোঁ । সিহঁতে মোক দাদা বুলি মাতে, প্ৰায়ে মোৰপৰা কিতাপ নিব আহে। ঝৰ্ণাই কেতিয়াবা মোৰ পুৰণা তিউচনৰ বহী আৰু স্কুলৰ বহীও লব আহে। ঝৰ্ণা, মোৰ সম্পৰ্কীয় জেঠীৰ ছোৱালী। ঘৰটো ওচৰতে। পঢ়া শুনাত মনোযোগ কম তাইৰ। মুখখন কিন্তু অনবৰত চলিয়ে থাকে, কিবা নহয় কিবা বকিয়ে থাকে। ঘৰৰ একমাত্ৰ ছোৱালী বাবে সকলোৰে মৰমৰ । পঢ়াত ৰাপটো অলপ কম। তথাপি মাকৰ কথামতে বহী কিতাপ নিব আহে । স্কুলৰ কিতাপত কৈ তাই বাহিৰা কিতাপ বেছি পঢ়ে । গল্প সাধুকথাৰ কিতাপ পঢ়ি ভাল পায় তাই।


– অই ব’ল ঘৰত
– অহাকালি আহিব নে তাই ক চোন ।
– আহিব দে, ব’ল এতিয়া  ৰাতি ভাত পানী খাই সোনকালে শুম বুলি মনতে ভাবিলো। এনেই ভাত খাই উঠি দেউতাৰ লগত ৰেডিঅ শুনা মোৰ অভ্যাস। দেউতাৰ লগত প্ৰায়ে ৰাতি ৰেডিঅ’ত নাটক শুনো। ৰেডিঅ’ৰ নাটকৰ এটা শুকীয়া আমেজ আছে। আজি কিন্তু শুই থাকিম সোনকালে। মাক সোনকালে জগাই দিব কৈ শুই থাকিলো। পুৱা মাই উঠাই দিলে সোনকালে। ৰাতিপুৱা উঠি অলপ পঢ়ি লৈ গা পা ধুই উঠিলো। পঢ়া টেবুলত থকা সৰস্বতীৰ ফটো খনৰ সন্মুখত ধূপ লগাই সেৱা এটা কৰিলোঁ।


– হে সৰস্বতী মা, আজি যাতে তাইক দেখা কৰাই দিয়া। আজি যাতে মনটো ভাল লাগে ।
– কি অ, তোৰ কিবা পৰীক্ষা আছে নেকি আজি? পুৱাই ধুপ লৈ সেৱা কৰিছা যে ।
– নাই অ দেউতা, এনেই টেবুলত ধুুপ দিলোঁ, সেৱা এটা কৰিলোঁ।
– এনে পৰীক্ষা থাকিলেহে চোন সেৱা কৰ তই। আজি বা কি হ’ল।
– এনেই সোনকালে উঠিলো কাৰণে সেৱা কৰি ধুপ দিলোঁ। কিতাপ বহী ঠিক কৰি ভাত খালোঁ। ঘৰৰ পৰা আহি সমীনৰ ঘৰ পালোঁ, তাক মাত লগাই চাইকেলখন উলিয়ায় ললো।
– অই চাইকেলত চোন পাম নাই। হ’ল দে আজি আৰু । অই তই চাইকেলত পাম টো দ থব পৰা নাই। কি হ’ব এতিয়া
– এহ একো নাই ৰ, যাওঁতে মনোহৰ কাইৰ দোকানত দি যাম দে
– আৰু দেৰি হ’ব তোৰ কাৰণে।
– নহয় দে দেৰি, এতিয়া বহুত সময় আছে আৰু। তই নঙলাত ৰ অলপ।
– তই আহ ওলাই সোনকালে। (তাই বা কেতিয়া আহি পায়, ইফালে পামও নাই চাইকেলত)
– আহিল নেকি
– নাই দেখোন, এতিয়ালে আহাই নাই।
– অই আজিও নাহে নেকি, ৰৈ থাকি লাভ নাই। চাইকেলত পাম দি হে স্কুল যাব লাগিব। ইফালে কিন্তু মিনতি বাইদেউৰ ক্লাছ আছে, দেৰি কৰিব নোৱাৰা।
– এহ ৰহ, অলপ সময় ৰ । আহিবই চাগে। অলপ সময় চাই যাওঁ।
– কিমান ৰখিবি আৰু, ব’ল অ বহুত দেৰি হ’ল। আমি গৈয়ে নাপাম স্কুল।
– অলপ সময় ৰ না । কিয় বা আহি পোৱা নাই এতিয়াও। (আজি কি হ’ল বা আকৌ,এতিয়ালে অহা নাই)
– অই ইমান মাথা মাৰি লাভ নাই। আহিলে দেখা পালো হৈ। অহা নাই আজি। এতিয়া ব’ল, আহাকালি দেখা পাবি ব’ল।
– আৰু ৫মিনিট ৰ না, চাই কিনে যাও। (হে সৰস্বতী মা, কি হ’ল আজি, আজি দেখা নাপালোঁ চোন)
ৰাষ্টাই ৰাষ্টাই চাইকেল ঠেলি দোকানৰ ফালে গৈ থাকিলো। মনটো কিবা বেয়া লাগিল। ইমান পুৱাই উঠিচো, কিমান ভাবি আছিলোঁ। আজিও নাহিল তাই। আমি ঠেলি ঠেলি চাইকেল দোকান আহি পালোঁ।
– অ খুৰা, চাইকেলখনত অলপ পাম মাৰি দিয়ক না। আমাৰ স্কুললৈ দেৰি হ’ব।
– ৰ, দি আছোঁ। আগতে দি থৈ দিব লাগে, ইমান দৌৰা দৌৰি যদি।
– গম পোৱা নাছিলো খুৰা, পুৱাহে দেখিলোঁ।
– আজি তই এ চলাবি, মই নচলাও। (আজি বা কি হ’ল তাইৰ) কিয় বা নাহিল তাই।
আমি চাইকেল লৈ যাব ললো। এনেতে পিছফালৰ পৰা কোনোবা মাইকী মানুহ এজনীয়ে মাত দিলে।
– মনোহৰ দা, অলপ পাম দি দিয়ক আগৰ চকাত। মাইনাক স্কুলত থব দেৰি এ হ’ল।
– কিয় দেৰি হ’ল আজি, দেউতাকে নাহিল যে থব।
– অ, আজি মানে মাইনাৰ জন্মদিন যে, তেওঁ অলপ বজাৰত গ’ল।
– অ, মাজনী ডাঙৰ হ’লেই চোন
– মাজনী, খুৰাক চকলেট দিয়া এটা। আৰু এই দাদা দুজনকো দিয়া।
আমি ইমান সময় সেইফালে চোৱাই নাছিলোঁ, ছোৱালীজনী অলপ দুৰত থিয় হৈ আছিল। সমীন আৰু মই কিবা কথা পাতি আছিলোঁ।
– দাদা, চকলেট
সমীনে চকলেট লৈ এ মোক চিঞৰি দিলে।
– অই ভাই চা না, চকলেট ল। আজি তাইৰ জন্মদিন। (বিচাৰি থকা ছোৱালী জনিৰ জন্মদিন)
মই চকলেটটো ললো, তাইক দেখা পাই মোৰ মুখৰ মাত হেৰাই গ’ল। ইমান সময় তাইৰ কথাই ভাবি আছিলোঁ আৰু তাই এতিয়া সন্মুখত। এইজনী ইমান দেৰি কৰিলে আজি মনতে ভাবিলো। চকলেট দি গ’ল, তাইৰ জন্মদিনৰ। মোৰ মনটো যেন কিবা এটা ভাল লাগি গ’ল। আমি লৰালৰিকৈ স্কুল গলো।
– আজি যদি চাইকেলত পাম থাকিল হৈ, তই টো তাইক দেখা নাপালি হৈ।
– আজি মনটো ভাল লাগিল দে বহুত, আজি তাইৰ জন্মদিন। (আজি বহুত মৰমলগা হৈ আছিল তাই, এডাল বেনি গুঠি আহিছিল মুৰত, এটা নীলা ফোট কপালত। বহুত ধুনীয়া লাগিছিল আজি তাইক)
– চাইকেলত পাম নথকা বাবে ভালে হ’ল, তাইৰ নামটো মাইনা , গম পালি।
– ধুনীয়া নাম, মিলিব দে ন, অঙ্কুৰ + মাইনা
– এহ, থ তোৰ ফাল্টু কথা তাইক কি ইমান ভাল লাগে নাজানো। কিবা এটা ভাল লাগে। কিতাপৰ ভাঁজত, বহীৰ পিছফালৰ কভাৰত যেন দুটা আখৰ জিলিকি থকা হ’ল। A আৰু M। মনত এটাই নাম মাইনা।  

আগলৈ—->

——>খণ্ড ১ ৰ লিংক<——

 

বান্ধোন [খণ্ড ১] 

হিৰণ্য  ডেকা
ই-মেইল: hiranya321@gmail.com

খণ্ড ১   

প্ৰেম এক স্বৰ্গীয় অনুভূতি, প্ৰেম এক আবেগ, প্ৰেম আশীৰ্বাদ, প্ৰেম বিষাদ, প্ৰেম এক অৰ্তনাদ , প্ৰেম জীৱন । প্ৰেম কোনো প্ৰিয়জনৰ কথা মনত পৰিলে ওঁঠত জিলিকা হাঁহি । প্ৰিয়জন কাষত থাকিলে পোৱা সাহস । যাক এবাৰ দেখিলে হিয়া ভৰি পৰে, সেয়াই প্ৰেম । প্ৰেম এক বিশাল আকাশ, জোনাকী নিশাৰ সংগী । বহুত ভালপাইছিলো তাইক । ক’ব নোৱাৰাকৈ ভালপাই পেলাইছিলো তাইক ।

প্ৰেম কেনেকৈ জীৱনলৈ আহে কোনেও নাজানে। মইও জনা নাছিলোঁ প্ৰেম কি। প্ৰেমৰ কি অনুভৱ। প্ৰেম কেনেকুৱা, প্ৰেমৰ অৰ্থ কি, একোকে জনা নাছিলোঁ। কিন্তু কেনেকৈ প্ৰেম সাগৰত ভৰি দিলোঁ গমকে নাপালোঁ ।

মই তেতিয়া ক্লাছ চেভেনত পঢ়ি আছিলোঁ । হয়টো প্ৰেম ভালপোৱা এই শব্দকেইটা জনিছিলোহে । অৰ্থ বুজাৰ বয়স হয়টো হোৱাই নাছিল । ভালপোৱা মানে ভাবিছিলো হিন্দী চিনেমাৰ নায়ক নায়িকাই কৰা অভিনয়বোৰ । সকলো কাহিনীয়ে সঁচা বুলি মনত ভাবি লৈছিলোঁ। হিন্দী চিনেমা চাবলৈ বিৰাট ভাল পাওঁ মই তেতিয়া, কিন্তু চিনেমা চাবলৈ পাওঁ দেওবাৰৰ দিনা আবেলি হে ওচৰৰ ৰত্ন খুৰাৰ ঘৰত । তেতিয়া টিভি আছিল গাঁৱৰ প্ৰায় দুই এঘৰ মানুহৰ ঘৰতহে । এতিয়াৰ দৰে ঘৰে ঘৰে দিছ, ঘৰে ঘৰে টিভি মানুহৰ ঘৰত নাছিল। তেতিয়া ভাবিছিলো মোৰ এক কাহিনী হওঁক নিজা । এক ভালপোৱাৰ কাহিনী ঠিক চিনেমাৰ দৰে ।

তাই তেতিয়া ক্লাছ ফাইভত । দেউতাকে সদায় চাইকেলেৰে স্কুলত থব যায় আমাৰ ঘৰৰ সন্মুখৰ ৰস্তাটোই দি । তাই পঢ়ে গাঁৱত নতুনকৈ হোৱা প্ৰাইভেট স্কুল খনত । আৰু মই যাওঁ আমাৰ হাইস্কুলত । সদায় স্কুল যোৱা সময়ত তাইক দেখা পাওঁ । মুখত এটা ধুনীয়া হাঁহি, মূৰত ৰঙা বেনী । দেউতাকৰ চাইকেলত বহি সদায় স্কুলত যায় তাই । তেতিয়াও বুজা নাছিলোঁ প্ৰেম নে ভালপোৱা । কেৱল তাইক দেখা পাওঁ সদায় স্কুল যোৱা সময়ত । যিদিনা নেদখো মনটো কিবা উকা উকা লাগি থাকে । হয়টো এয়াই কিবা এটা আছিল । মনৰ প্ৰশান্তি । ভালপোৱাৰ অনুভূতি ।

তাইৰ সৈতে দেখা হোৱাটো যেন এক দৈনন্দিন নিয়ম হৈ পৰিছিল । ক’ব নোৱাৰাকৈয়ে যেন তাইক ভালপাই পেলাইছিলো । যিকোনো চিনেমা চালেই নিজকে নায়ক আৰু তাইক নায়িকা সজাই কল্পনাত সপোন ৰচিব ধৰিলো ।

ৰাতিপুৱা টিউচনৰপৰা আহি দৌৰাদৌৰিকৈ ভাত খাই স্কুল যোৱাটো মোৰ নিয়ম । ঘৰৰপৰা কিছুদূৰত মদন চাৰৰ ঘৰত ইংৰাজী বিষয়ৰ টিউচন । ইংৰাজী ভাষাটো খুব টান । আমাৰ অঞ্চলটোত মদন চাৰৰ বাহিৰে কোনেও ভালকৈ ইংৰাজী বুজাব নোৱাৰে বুলি সকলোৱে জানে । চাৰৰ ঘৰত টিউচন কৰিবলৈ বহুত ল’ৰা ছোৱালী আহে বাবে তেওঁ ক্লাছ সমূহ ভগাই লৈছে । ক্লাছ ফাইভৰ পৰা ক্লাছ টেনলৈ চাৰে তিউচন কৰায় । তেওঁ পুৱা ৬ মান বজাৰপৰা টিউচন আৰম্ভ কৰে । সপ্তাহৰ তিনিদিন চাৰে আমাক পঢ়াই । প্ৰতি সোমবাৰ, বুধ বাৰ আৰু শুক্ৰ বাৰ ৰাতিপুৱা ৭ বজাৰপৰা । আমাৰ লগত ৰবিন, কনক, সমীন আৰু পুষ্পৰ লগত প্ৰায় পোন্ধৰ জনৰ এটা গ্ৰুপত আমাক চাৰে পঢ়াই । চাৰ বিৰাট ষ্ট্ৰিক আছিল । ইংৰাজী ব্যাকৰণ, ভাৰ্বৰ লিষ্ট মুখস্থ দিব নোৱাৰিলে খুব কোবাইছিল । মই ক্লাছ ছিক্সৰ পৰা চাৰৰ ওচৰত তিউচন কৰি আছোঁ । পঢ়া শুনাত খুব বেয়া নহয় বাবে চাৰে মোক খুব মৰম কৰিছিল । মাজে মাজে চাৰে সন্ধিয়া আমাৰ ঘৰলৈ আহে খবৰ লব । টিউচনত প্ৰায়ে চাৰৰ চেকনীৰ কোব খাই সমীন আৰু পুষ্পই । পুষ্প খুব উৎপতীয়া স্বভাৱৰ আছিল, সকলো সময়তে ধেমালি আৰু জোকোৱা স্বভাৱটো তাৰ বহুত বেয়া আছিল। এনেকৈয়ে আমি ইংৰাজী টিউচন কৰি আছিলোঁ। ৰাতিপুৱা চাৰৰ কিবা অসুবিধা থকা বাবে আমাৰ টিউচনটো পিছবেলা কৰিব বুলি কলে। মই খুব ভাল পালোঁ, নহলে পুৱা উঠি বহুত দৌৰা দৌৰি হয় । এতিয়া ৰাতিপুৱা অলপ পঢ়ি লৈ গা পা ধুই ধুনীয়াকৈ স্কুল যাম । চিন্তা মনত এটাই দেখাত যাতে মোক ভাল দেখি । তাইক যাতে মই অলপ বেছি সময় দেখা পাওঁ । ধান্দা মনত এটাই ঘৰৰপৰা সোনকালে ওলাই সমীনৰ ঘৰত যাম, তাৰ পিছত তাৰ সৰু চাইকেলখনলৈ দুয়ো স্কুল যাম।
চাইকেলখন লৈ দুয়ো তাৰ ঘৰৰপৰা ওলাই ৰৈ থাকোঁ তাৰ ঘৰৰ সম্মুখত । কেতিয়া তাইক দেখা পাওঁ। কেতিয়া যে আহিব তাই । কেতিয়া যে দেখা পাম তাইক।

 

আগলৈ—->

—->খণ্ড 2 ৰ লিংক<——

বেটুপাত সৌজন্য- ৰাকেশ দত্ত (sketchmypics.com)

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

 ধীৰেন শইকীয়া
ই-মেইল: dhirensaikia767@gmail.com
উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলৰ মানুহেই কম বেছি পৰিমাণে কামাখ্যাৰ শক্তিপীঠখনৰ কথা জানে। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি পীঠ কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ ভূমিকা লৈ আহিছে।
কামাখ্যাৰ দৰে সমগ্ৰ ভাৰততে আৰু একাৱন্নখন জাগ্ৰত পীঠ আছে বুলি জনা যায়।  এই ঐতিহাসিক পীঠখনৰ বিষয়ে আমাৰ এই প্ৰবন্ধত পীঠখনৰ বিষয়ে আলোচনা কৰিব ওলাই আমাৰ নিজৰ কবিতা এটালৈয়ে মনত পৰিছে য’ত তাহানিতে আমি লিখিছিলোঁ-
“নৰকাসুৰৰ সপোন সুন্দৰী 
শিৱৰ অৰ্ধাংগিনী তুমি
যক্ষ পিতাৰ তিৰস্কাৰত
আত্মাহুতি দি 
আছা নীলাচলৰ আঁচল চুমি
বিশ্বসিংহৰ ভক্তিৰ অঞ্জলি যাঁচি
পূবৰ ভকতি দুৱাৰত আহি বোৱাইছা শান্তি 
ঋষি বশিষ্ঠই তোমাৰ দৰ্শন নাপাই সাপিলে নৰকাসুৰক 
অসুৰৰ সংহাৰ গ’ল বাঢ়ি 
যদুনন্দন আহিল চক্ৰ ধৰি
হে কাত্যায়নী দেৱী মহিষী মৰ্দিনী
সমস্ত পাপৰ বিষহাৰিনী
দেৱী চামুণ্ডা কালী
কত যুগ ধৰি পাইছা তুমি খিলঞ্জীয়াৰ পূজা
আজি চৌদিশে আমাক বিপদে ধৰিছে বেঢ়ি,
নহয় ইটো অম্বুবাচী নিবৃত্তি 
তথাপি দিয়া সাহসৰ মন্ত্ৰ
আগবঢ়াম আমি ৰক্তবস্ত্ৰ।।”
○নৰকাসুৰে সজাইছিল কামাখ্যা মন্দিৰ○
কামাখ্যাৰ ইতিহাস বিচাৰিলে  নৰকাসুৰৰ আগৰ কালছোৱাৰ সময়খিনি কথা স্পষ্টভাৱে বিশেষ পোৱা নাযায়। নৰকৰ ৰাজত্ব কাল অষ্টম শতিকা বুলি ধৰিলে ষষ্ঠ আৰু সপ্তম শতিকাৰ সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে  কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি ভাবিব পাৰি। নৰকে কেৱল এইসময়ৰ বহুলভাৱে পূজিত দেৱীগৰাকীৰ পূজাৰ বাবে পীঠ স্থানখন বৰ আগ্ৰহেৰে নিৰ্মান কৰিছিল। বহুতে নৰকে নীল নামৰ পৰ্বতখনৰ কোনো এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও কব খোজে। নৰকৰ সময়ত যোনীপীঠখনৰ ওচৰে পাজৰে কেইঘৰমান কোচ,মেছ,বড়ো,খাছীয়া
আদি লোকৰ পৰিয়ালহে আছিল বুলি জনা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গলে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল বুলি ভবাৰ অৱকাশ আছে। অষ্টিকসকলৰ ধাৰনাত আকৌ কামাখ্যাক শ্মশান সংশ্লিষ্ট দেৱী বুলিহে জনা যায়।খাচীসকলে ইয়াক ‘কামেইখা’হে বোলে। আকৌ প্ৰচলিত এক কাহিনীমতে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। ড• বানী কান্ত কাকতিয়ে কামাখ্যা অষ্টিক আৰু মংগোলিয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে কব খোজে। ড• সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্ত্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে 630-644খৃঃত ভাৰতলৈ অহাৰ সময়ত পীঠখনৰ কোনো কথা ক’তো বৰ্ণনা নকৰালৈ চাই সেইসময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি ল’বলৈ টান লাগে ।
○কোঁচ ৰজা  বিশ্বসিংহৰ কামাখ্যা মন্দিৰলৈ অৰিহণা ○
18 গৰাকী ৰানী একেদিনাই বিয়া কৰোৱা এইগৰাকী কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মানৰ বাবে যথেষ্ট অৰিহনা যোগাইছিল বুলি’কোঁচ-কমতাৰ ইতিকথা’ নামৰ দ্বীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ গ্ৰন্থখনৰ 61পৃষ্ঠাৰ পৰা 64 পৃষ্ঠালৈ উল্লেখ আছে।
কোচ মহাৰাজ বিশ্বসিংহ (১৫১৫-১৫৪০) এবাৰ ভায়েক শিষ্যসিংহৰ লগত আহোম ৰাজ্যৰ  পৰা ঘূৰি আহোতে দুয়োভাতৃ ৰাতি নিজৰ সৈন্যদলৰ পৰা বিছিন্ন হৈ পৰে।তেওঁলোকে নিশাৰ ভাগত ঘুৰি ঘুৰি গুৱাহাটীৰ সমীপৰ নীলাচলত উপস্থিত হৈ এগৰাকী বৃদ্ধই এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই  ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিৱ পাৰে।ৰজাই উক্ত পীঠত গৈ সেৱা কৰি শপত ললে যে যদি ভায়েক আৰু সৈন্য সামন্তক লগ পাই তেন্তে কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মান কৰিব। কিন্তু কথামতেই কাম হ’ল তিনিদিনৰ ভিতৰত  বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যাপীঠত মন্দিৰ নিৰ্মান কৰে। জনামতে তেতিয়াৰ পৰা কামাখ্যাভক্ত হৈ পৰে বিশ্বসিংহ। বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময় ছোৱা উলিয়াব লাগিলে 1540 খৃঃৰ আগৰ হবই লাগিব। কাৰণ বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে  1540। 
○কেইবছৰমান নীলাচলত দেৱীপূজা হোৱা নাছিল○
গৌড় ৰজাৰ সেনাপতি  কালাপাহাৰে 1553 খৃঃত কেইবাটাও হিন্দু মন্দিৰৰ লগতে কামাখ্যা মন্দিৰো ভাঙি চিঙি চুৰমাৰ কৰাৰ পিছত 1565ত কোঁচ ৰজা নৰনাৰায়নে পুনৰ মন্দিৰটো পুনৰ নিৰ্মান কৰে বুলি জনা যায়। অৰ্থাৎ 1553 ৰ পৰা 1565চনলৈ এঘাৰ বছৰকাল মন্দিৰ  নোহোৱাকৈ বা ভগ্নস্তুপতে পূজা অৰ্চনা চলিছিল বুলিব পাৰি। 
○নৰনাৰায়নে  কামাখ্যা মন্দিৰ নিৰ্মান কৰাৰ সময়কাল○
বিশ্বসিংহৰ দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা  দুৰ্বলতা আছিলেই। 1540 খৃঃত নৰনাৰায়ন কোঁচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা দেশ জয় কৰি 1563ত আহোম ৰাজ্য আক্ৰমন কৰি গড়গাঁও অধিকাৰ কৰিছিল।তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা ,কছাৰী,জয়ন্তীয়া আদি  ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে।  তাৰ পিছত গৌড় দেশ আক্ৰমন কৰোঁতে সেনাপতি চিলাৰায় তাত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি  কালাপাহাৰে হেলাৰঙে
কামাখ্যা ধ্বংস কৰি থৈ যায়।  নৰনাৰায়নৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদোগত লয়।  নৰনাৰায়নৰ ভাতৃ চিলাৰায় দেৱানে ‘মেঘামুকদুম’ নামৰ ৰাজ ভাস্কৰ্য শিল্পীৰ হতুৱাই  মন্দিৰটো নিৰ্মান কৰিছিল। জনামতে মহৎৰাম বৈশ নামৰ ৰাজ কৰ্মচাকৰী এজনক মন্দিৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেবাটাও নেতিবাচক কথা দেখি এই কাম  ‘মেঘামুকদুম’ক দিয়ে। তেওঁৱেই পৰৱৰ্ত্তী সময়ত মন্দিৰটো বনায়।
○মন্দিৰটোৰ বিষয়ে আৰু অলপ○
 কোচঁ ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙনি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা থাৱৰ কৰিৱ পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলে পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্য সমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে।   ‘দৰং ৰাজবংশাৱলী’ত কোৱা হয় দেৱীয়ে হেনো কেন্দুকলাই নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা উলংগ নৃত্য কৰিছিল মন্দিৰৰ চৌহদৰ ভিতৰত। এবাৰ তেনে নৃত্য কৌশল কৰি চাবলৈ নৰকাসুৰে অভিসন্ধি কৰাত। দেৱীয়ে খঙতে কেন্দুকলাই নামৰ পুৰোহিতজনক প্ৰচণ্ড চৰ সোধাই। তেতিয়া তেওঁৰ মূৰটো চিঙি গৈ ওডালগুৰি জিলাৰ কলাইগাঁৱৰ ওচৰত পৰেগৈ। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত মূৰাদেৱৰ দেৱালয় আছে।

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ; এখনি পূণ্যতীৰ্থ

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ; এখনি পূণ্যতীৰ্থ

  ✍   কৰবী মহন্ত কলিতা

দিপলাং, লহকৰপাৰা

ই-মেইল: cokeparag123@gmail.com

কামৰূপ জিলাৰ হাজোৰ মণিপৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত, অসমৰ অন্যতম পূণ্যতীৰ্থ মাধৱ মন্দিৰ দেৱালয় অৱস্থিত। বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱৰ  ইয়াত পূজা- অৰ্চনা কৰা হয়। গৌতম বুদ্ধই এই স্থানতে নিৰ্বাণ লাভ কৰিছিল বুলি প্ৰবাদ আছে । 

  কিংবদন্তি অনুসৰি মধু আৰু  বৈভৱ নামৰ দুটা অসুৰে বৃদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা বেদসমূহ চুৰি কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। বিষ্ণুৱে হয়গ্ৰীৱ মাধৱৰ ৰূপ ধৰি বেদসমূহ উদ্ধাৰ কৰে আৰু হয়গ্ৰীৱৰ ৰূপতে শুই পৰে। মধু আৰু বৈভৱ নামৰ দানৱ দুজনে বিষ্ণুক মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক হত্যা কৰে।   

      হয়গ্ৰীৱ মাধৱ প্ৰাচীন মন্দিৰ, যদিও প্ৰাচীন মন্দিৰটো ভাঙি যোৱা বাবে পোন্ধৰশ তিয়াল্লিশ খ্ৰীষ্টাব্দত কোঁচ ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। আন কিছুমান বুৰঞ্জীবিদে ষষ্ঠ শতিকাত পাল বংশীয় ৰজাই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি ক’ব বিচাৰে। পূৰ্ণকান্ত বৰগোহাঞিৰ দিনত কলিয়াভোমোৰা বৰফুকনৰ  প্ৰথমা  পত্নী শয়নীয়ে মাটি এটুকুৰা দান কৰিছিল। 

     মন্দিৰটোৰ উপাসনাস্থলীত হয়গ্ৰীৱ,  বাওঁফালে দ্বিতীয় মাধৱ বা বিষ্ণু আৰু বৈষ্ণৱ সংস্কৃতিৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰতীক গৰুড়ৰ প্ৰতিমূৰ্তি আছে। আন মূৰ্তিসমূহ হৈছে চলন্ত মাধৱ, গোবিন্দ মাধৱ আৰু বাসুদেৱৰ। মন্দিৰটোৰ বাহিৰৰফালে বিষ্ণুৰ দহটা অৱতাৰৰ ভাস্কৰ্য্য আছে। মন্দিৰটো তিনিটা ভাগত বিভক্ত – গৰ্ভগৃহ, মধ্যভাগ আৰু শিখৰ। মূল মন্দিৰটোৰ ওচৰত আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটি সৰু মন্দিৰ আছে।

      হয়গ্ৰীৱ মাধৱ মন্দিৰত অসমৰ স্থাপত্য শিল্পৰ সুন্দৰ নিদৰ্শন পোৱা যায়। মন্দিৰৰ ভিতৰত কোঁচৰজা, ৰঘুদেৱ আৰু আহোমৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ দিনৰ শিলালিপি আছে। মন্দিৰটো শিলেৰে নিৰ্মিত , গাত হাতীৰ প্ৰতিমূৰ্তি এলানি আছে। মন্দিৰটোৰ ওচৰত মাধৱ পুখুৰী নামৰ এটা ডাঙৰ পুখুৰী আছে। 

       হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌলোৎসৱ, বিহু আৰু জন্মাষ্টমী পালন কৰা হয়। প্ৰতিবছৰে বিশেষকৈ মাঘ বিহুৰ সময়ত মন্দিৰ দৰ্শনৰ বাবে বহুতো ভক্তৰ সমাগম ঘটে  । এই মন্দিৰ ভক্তসকলৰ বাবে এক পুণ্যতীৰ্থ।

 

 

মই ভাৰতীয় নে অসমীয়া ?

মই ভাৰতীয় নে অসমীয়া ?

এইটো বৰ্তমান সময়ৰ এটা ডাঙৰ প্ৰশ্ন । আমি নিজৰ মাজতে বিভাজন কৰিছোঁ । আমি পাঞ্জাবী , আমি বিহাৰী আমি অসমীয়া , আমি মুছলীম ইত্যাদি কিন্তু বেছি সকলেই আমি ভাৰতীয় বুলি কবলৈ বেয়া পাই । ভাৰত পাকিস্তানৰ Cricket খেল হোৱাৰ দিনা আৰু ১৫ আগষ্ট দিনা আমাৰ গাত দেশ প্ৰেম জাগি উঠে । আমেৰিকা , জাপান , ইংলেণ্ডৰ আদি চহকী দেশ বোৰ আমাতকৈ বহুত পৃথক । সেই দেশ বোৰে নিজৰ মাজত বিভাজন নকৰে সেইবাবে আজি বিশ্বত উজ্জ্বলিবলৈ সক্ষম হৈছে । আমি নিজৰ মাজতে খোৱা কামোৰা লাগি মৰিছো । একতাত হে শক্তি থাকে , আমি সকলো ভাৰত মাতৃৰ সন্তান কিন্তু আমাৰ মাজত মিল নাই । সকলোকে পৃথক দেশ লাগে , ভাৰত মাতৃৰ কথা কাৰো ভাবিব সময় নাই । নিজৰ মাতৃক দুখ দি কোনো শান্তিত থাকিব নোৱাৰে । ভাৰতৰ Border ত থকা সৈনিক সকলক সুধিবা তেওঁলোকৰ জাতি কি ? ভাৰতত থাকি ভাৰত মাতাৰ জয় কলে এইটো নুবুজাই আমি আমাৰ ৰাজ্য খনক বেয়া পাওঁ । আমি নিজৰ ৰাজ্য খনতে আবদ্ধ থাকিলে নহব ভাৰত খনো আমাৰয়েই । বিশ্ব বাসীয়ে আমাক ভাৰতীয় বুলিহে চিনি পায় । যি মানুহে নিজৰ দেশক ভাল নাপায় সেইবোৰ সু নাগৰিক নহয় । কাপোৰ কানিয়ে আধুনিক হ’লে নহব আমাৰ চিন্তা চৰ্চাও উন্নত কৰিব লাগিব । তোমাৰ মনত যদি দেশ প্ৰেম নাই স্বাধীনতা দিৱস পাতি একো লাভ নাই । এইটো ১৫ আগষ্টত প্ৰতিজ্ঞা কৰা আমি সকলো ভাৰতীয় হৈ আগবাঢ়ি যাম ।
ভাৰতৰ মাতাৰ জয় …….
মোৰ ভাৰত মহান ……..

✍ মাধুৰ্য্য বৰা

বুলবুলি চৰাইৰ যুঁজ : হাজোৰ গৌৰৱ

***********************

বনজিত

ই-মেইল ঃ banajit007@gmail.com

************************

প্রতিজন অসমীয়াৰ অধিৰ আগ্রহৰ, হেপাহৰ বিহুটি হ’ল মাঘ বিহু/ ভোগালী বিহু। ভোগালী বিহুৰ সমান্তৰালকৈ অসমৰ বিভিন্ন ঠাইত নানান ধৰণৰ খেল-ধেমালীৰ আয়োজন কৰা হয় ।ইয়াৰ ভিতৰত আহঁতগুৰিৰ মহযুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজৰ নাম লেখত ল’বলগীয়া।

       হাজোৰ বুলবুলি চৰাইৰ যুঁজ বহু শতিকা আগতেই আহোমৰ ৰাজত্বকালৰ পৰাই চলি আহিছে। এবাৰ আহোমৰজাই মাধৱ মন্দিৰ দর্শনৰ বাবে আহোতে এহাল বুলবুলি চৰাইয়ে কল এডোখৰৰ কাৰণে যুঁজি থকা প্রত্যক্ষ কৰিছিল। ৰজাই চৰাইহালৰ কাজিয়া প্রত্যক্ষ কৰি যথেষ্ট আমোদ পাইছিল আৰু তেতিয়াৰপৰাই প্রতি বছৰে মাঘ বিহুৰ লগত সংগতি ৰাখি মাঘৰ দোমাহীৰদিনা হাজোৰ মাধৱ মন্দিৰ প্রাংগণত বুলবুলি চৰাইৰ যুঁজ অনুস্থিত হৈ আহিছে।

       বুলবুলি চৰাইবোৰ স্থানীয় লোকবোৰে পুহ মাহৰপৰা ওচৰৰ হাবিৰ গছবিলাকত বিভিন্ন ধৰণৰ বাঁহৰ ফান্দ পাতি ধৰিবলৈ আৰম্ভ কৰে।বুলবুলি চৰাইবোৰক গৰাকীয়ে যুঁজৰ আগদিনাখন এক বিশেষভাৱে প্রস্তুত কৰা প্রাকৃতিক নিচাজাতীয় খাদ্য “ভোগ” খুওঁৱা হয়। এই ভোগবিধ কলৰ লগত সামান্য পৰিমাণৰ ভাং, জালুক,লং,দালচেনী ইত্যাদি মিহলাই প্রস্তত কৰা হ্য।এই ভোগবিধ যথেষ্ট শক্তিদায়ক বুলি গণ্য কৰা হয়।বুলবুলি চৰাইবোৰক যুঁজৰ আগদিনা ৰাতি লঘোণে ৰখা হয়।

       বুলবুলি চৰাইৰ যুঁজ আগৰেপৰা প্রচলিত প্রথা অনুসৰি দুই ফৈদ- সোণাৰীটোলা আৰু ভৰালীটোলাব ফৈদৰ মাজত অনুস্থিত হয়। অইন ঠাইৰ গৰাকীয়ে এই যুঁজত অংশগ্রহন কৰিব বিচাৰিলে এই দুই ফৈদৰ এটাৰপৰা যুঁজত ভাগ ল’ব পাৰে। বুলবুলি চৰাইৰ যুঁজখন মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ তত্বাৱধানত অনুস্থিত কৰা হয় আৰু বুলবুলি চৰাইৰ যুঁজৰ মূখ্য পৰিচালক/বিচাৰক জনক “মাচিং” বোলা হয়। “মাচিং”ৰ আজ্ঞামতে বহু প্রত্যাশিত বুলবুলি চৰাইৰ যুঁজ আৰম্ভ হয়। বুলবুলি চৰাইৰ ঠেং এখনত এডাল ৰচি বান্ধি বুলবুলি চৰাইক গৰাকীয়ে নিয়ন্ত্রণ কৰে।মাজত এডোখৰ কল থৈ দিয়া হয় আৰু কলটুকুৰা খাবলৈ চেষ্টা কৰোতেই বুলবুলি চৰাইৰ কাজিয়া কৰাৰ স্বাভাৱিক প্রৱণতা প্রকাশ পায়। যুঁজত হৰা বুলবুলি চৰাইটো কিছু পলকৰ বাবে যথৰ লাগে আৰু এনেদৰে বিজয়ী নির্বাচিত কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইটোৰ মূৰৰ চুলিৰ অকণমান কাটি চৰাইটোৰ ভৰিৰ বান্ধ খুলি এৰি দিয়া হয়। বুলবুলি চৰাইৰ যুঁজ চাবলৈ অসমৰ বিভিন্ন ঠাইৰ লগতে বিদেশী লোকো হাজোলৈ আহে।যদিওবা একাংশ প্রকৃতিপ্রেমী লোকে বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্রত আপত্তি দর্শাই আহিছে, হাজোৰ ৰাইজ বুলবুলি চৰাইৰ যত্ন লোৱাৰ ক্ষেত্রত সদায় গুৰুত্বশীল ।বুলবুলি চৰাইবিধক বিজ্ঞানসন্মত ভাৱে প্রতিপালন কৰা হয় আৰু নিয়মিতভাৱে প্রয়োজনীয় আহাৰ চৰাইবিধক খুওঁৱা হয়।

                             

২০১২ : পৃথিৱী ধবংসৰ সপক্ষে ৬ টা কাৰণ…

***************************

বনজিত

ই-মেইল : banajit007@gmail.com

***************************

(১) মায়া সভ্যতাৰ দিনপঞ্জীকা :

          মায়া সভ্যতাৰ লোকসকল আছিল জ্যোতিঃশাস্ত্রৰ ক্ষেত্রত সিদ্ধহস্ত লগতে আছিল যন্ত্রপাতি (শিলৰ) নির্মাণত একেবাৰে নিখুত। মায়া সভ্যতাৰ দিনপঞ্জীকাখন প্রকৃততে তিনিভাগত বিভক্ত আছিল- দীর্ঘ গণনা পদ্ধতি (LONG COUNT), ঐশ্বৰীক দিনপঞ্জীকা পদ্ধতি(TZOLKIN), অসামৰিক দিনপঞ্জীকা পদ্ধতি(HAAB)।

       এই LONG COUNT  পদ্ধতিৰ মায়া সভ্যতাৰ লোকসকলে সময়ৰ পর্যায় বিভক্ত কৰিছিল। প্রতিটো পর্যায়ক কোৱা হৈছিল বিশ্বজনীন চক্র (universal cycle)। এনেকুৱা প্রতিটো চক্রৰে তেওঁলোকে সময় গণনা কৰি পাইছিল যে ২,৮৮০,০০০ দিন (প্রায় ৭,৮৮৫ সৌৰবর্ষ) আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে এই বিশ্বজনীন চক্রৰ আৰম্ভৰ লগত বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি হয় আৰু এই বিশ্বজনীন চক্রৰ অন্তৰ লগত বিশ্বব্রহ্মাণ্ডৰ ধবংস হয়। বর্তমানৰ এই চক্রটোৰ আৰম্ভণিৰ সময় হিচাপে ধৰা হয় ৪ আহাও (ahaw),৮ কুমকু (kumku) যিটো গ্রেগৰিয়ান দিনপঞ্জীকামতে হয় ১১ আগষ্ট,৩১১৪ খ্রী: পূ: আৰু জুলিয়ান দিনপঞ্জীকামতে হয় ৬ ছেপ্তেম্বৰ,৩১১৪ খ্রী: পূ:।এই মায়া সভ্যতাৰ দিনপঞ্জীকাখনৰ মতে বর্তমানৰ বিশ্বজনীন চক্রৰ অন্ত পৰিব ১৩ তম বাক্টুনত (১ বাক্টুন= ১,৪৪,০০০ দিন) যিটো গ্রেগৰিয়ান দিনপঞ্জীকামতে হয় ১১ বাজি ১১ মিনিট (UTC), ডিচেম্বৰ মাহৰ ২১ তাৰিখ,২০১২ !!!

(২) সৌৰ ধুমুহা :

          সৌৰ সম্বন্ধীয় গৱেষকসকলে সূর্যৰ ওপৰত নিৰৱিচ্ছিন্নভাৱে গৱেষণা কৰি আচর্য্যচকিত তথ্য কিছুমান উদ্ভাৱন কৰিছে : সূর্যৰ অন্তঃস্তৰত বর্তমান এক বিশেষ ধৰণৰ অন্তঃৱর্তী সংঘাতৰ সূচনা হৈছে। পৃথিৱীৰ অইন সকলো বস্তুৰ দৰে সূর্যৰপৰা নির্গত শক্তিও চক্রানুক্রমিক আৰু অনুমান কৰা হৈছে যে ই এতিয়া মধ্যম পর্যায়ত আপেক্ষিকভাৱে সুস্থিৰ হৈ আছে। কিন্তু সাম্প্রতিক সময়ত হৈ থকা সৌৰ-ধুমুহাৰ পৰিণতিত সূর্যৰপৰা বিকিৰিত শক্তিশালী ৰশ্মিৰ ফলত পৃথিৱীৰ তাপমান যথেষ্ট বৃদ্ধি হ’ব ধৰিছে লগতে ইয়াৰ কুফল পৰিছে জীৱজগতৰ লগতে শক্তিখণ্ড আৰু কৃত্রিম উপগ্রহৰ ওপৰত।

          (৩) পৰমাণু কণিকা চুর্ণ-বিচুর্ণক যন্ত্র (THE ATOM SMASHER):

       ইউৰোপৰ বৈজ্ঞানীকসকলে বিশ্বৰ সবাতোকৈ বৃহৎ “পৰমাণু কণিকাৰ বেগ বর্ধক” যন্ত্র নির্মাণ কৰি উলিয়াইছে। ইয়াৰ আকৃতি ২৭ কি:মি: দীঘল এটি সুৰংগ সদৃশ য’ত পৰমাণু কণিকা বিলাকক তীব্র বেগত পৰস্পৰৰ মাজত খুন্দা লগোৱা হয়। এই যন্ত্রটি নির্মাণৰৰ মূল উদ্দেশ্য হ’ল বিশ্বব্রহ্মাণ্ডৰৰ ৰহস্যভেদ কৰা। কিন্তু এই যন্ত্রটি বৃহৎ চিন্তাৰ কাৰণ হৈ পৰিছে এচাম বিজ্ঞানীৰ বাবে আৰু তেওঁলোকে পৰামর্শ আগবঢ়াইছে যে এই যন্ত্রটি আতি সোনকালে চালিত কৰাটো এটি ডাঙৰ ভূল হ’ব পাৰে। তেওঁলোকে এই যন্ত্রটি চালিত কৰাৰ পিছত হ’ব পৰা সম্ভাব্য ঘটনাবিলাকৰ বিষয়ে আলোচনা কৰিছে লগতে ইয়াৰ ফলত সৃষ্টি হ’ব পৰা সৰু কৃষ্ণ গহবৰৰ কথাও তেওঁলোকে আলোচনাৰ মাজলৈ আনিছে। গতিকে যেতিয়া ২০১২ বর্ষত এই যন্ত্রটি প্রথমবাৰৰ বাবে চালিত কৰা হ’ব তেতিয়া পৃথিৱীখন এটি বাস্কেটবলৰ সমান সৰু হৈ তীব্র-ঘনত্ব সম্পন্ন টোপাললৈ পৰিৱর্তন হোৱাৰ সম্ভাৱনাই দেখা দিছে !!!

       (৪) মহান বাইবেলত লিখিছে :

                   মহান বাইবেলত  উল্লেখ আছে যে, ভগৱান আৰু অশুভ শক্তিৰ মাজত হ’ব লগা অন্তিম যুদ্ধখন যাক কোৱা হয় “আৰমাগেদ্দন(ARMAGEDDON)ৰ যুদ্ধ”ৰ সময় হিচাপে নির্ধাৰণ কৰা হৈছে ২০১২ বর্ষটো। আকৌ আই-চিং(THE I-CHING) নামৰ চিনা ভাষাৰ ধার্মিক গ্রন্থখনটো একেই কথাৰেই উল্লেখ আছে।

(৫) বৃহৎ-আগ্নেয়গিৰীৰ উদ্গীৰণৰ সম্ভাৱনা :

          UNITED STATES  ৰ YELLOW STONE NATIONAL  PARK  খন পুৰণিকালৰে পৰা তাত থকা উষ্ণ-প্রস্রৱণ বা গৰম পানীৰ উহৰ বাবে বিখ্যাত। এই ঠাই টুকুৰা পৃথিৱীৰ সবাতোকৈ ওখ ঠাইত থকা বৃহৎ আগ্নেয়গিৰী YELLOW STONE VOLCANO ৰ ওপৰত অৱস্থিত। এই YELLOW STONE আগ্নেয়গিৰীটো আনুমানিক প্রতি ৬,৫০,০০০ বছৰৰ মূৰকত উদ্গীৰণ হয় আৰু বর্তমানৰ পৃথিৱীবাসীৰ বাবে চিন্তাৰ কাৰণ এয়ে যে এই আগ্নেয়গিৰীটোৰ পৰৱর্তী উদ্গীৰণৰ বাবে আনুমানিক সময় বহু আগতেই উকলি গৈছে। ভূ-বিজ্ঞানীসকলে পৰীক্ষা কৰি পাইছে যে এই ঠাইটুকুৰাৰ তলিভাগত এতিয়া যথেষ্ট চাপ পৰিছে আৰু এই চাপ দিনক দিনে বাঢ়ি আহিছে আৰু ২০১২ বর্ষটোতেই এই আগ্নেয়গিৰীটো উদ্গীৰণ হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে। এই আগ্নেয়গিৰীটো উদ্গীৰণ হ’লে পৃথিৱীৰ বায়ুমণ্ডল বৃহৎ পৰিমাণৰ ধুলি, ছাঁই আদিৰে ভৰি পৰিব আনকি সূর্যৰ ৰশ্মি পৃথিৱীত পৰাত ব্যাহত হ’ব আৰু ফলস্বৰূপে পৃথিৱীখন গোট মাৰি শীতল হৈ যাব আৰু যি প্রায় ১৫,০০০ বছৰলৈ অপৰিৱর্তি হৈ থাকিব।

(৬) পৃথিৱীৰ চুম্বকীয় ক্ষেত্রৰ অস্থিৰতা : (সবাতোকৈ উল্লেখনীয় কাৰণ)

       আমি সকলোৱে জানো যে পৃথিৱীৰ চাৰিওকাষে এই বিশেষ ধৰণৰ চুম্বকীয় ক্ষেত্রই আৱৰি আছে যিয়ে ৰক্ষা-কৱচৰ দৰে কাম কৰি সূর্যৰপৰা বিকিৰিত শক্তিশালী ৰশ্মিৰপৰা পৃথিৱীবাসীক যথেষ্ট পৰিমাণে সুৰক্ষিত কৰি আছে। এই চুম্বকীয় ক্ষেত্রখনৰ দুই মেৰু; উত্তৰ আৰু দক্ষিণ মেৰু প্রতি ৭,৫০,০০০ বছৰৰ মূৰকত নিজৰ অৱস্থান পৰস্পৰৰ মাজত সলনি কৰে আৰু এই পৰিঘটনাৰ নির্ধাৰিত সময় ৩০,০০০ বছৰ আগতেই উকলি গৈছে। বৈজ্ঞানীক সকলে গৱেষণা কৰি পাইছে যে এই দুই চুম্বকীয় মেৰুই নিজৰ অৱস্থানৰ পৰা লাহে লাহে ২০ ৰ পৰা ৩০ কি:মি: পর্যন্ত প্রতি বছৰে আঁতৰি আহি আছে আৰু যোৱা কিছু বছৰত এই বিচ্যুতিৰ হাৰ ক্রমাৎ বৃদ্ধি হৈ আহিছে যিয়ে এই মেৰুৰ অৱস্থান সলনি (POLE SHIFT)ৰ সময় ওচৰ চপাই আনিছে। গতিকে এই চুম্বকীয় ক্ষেত্রখনৰ তীব্রতা কমি আহিছে আৰু এটা সময়ত এই চুম্বকীয় দুই মেৰুৰ অৱস্থান সলনিৰ বাবে এই চুম্বকীয় ক্ষেত্রখন প্রায় ১০০ বছৰৰ বাবে অন্তর্ধান হৈ পৰিব। ফলস্বৰূপে সূর্যৰপৰা বিকিৰিত শক্তিশালী UV  ৰশ্মি জীৱ-জগতৰ সংস্পর্শত পৰাৰ লগে লগেই ই শৰীৰৰ ছাল টুকুৰা তৎক্ষণাৎ পুৰি পেলাব আৰু জীৱ-জগতৰ ধবংস আৱশ্যম্ভাৱী কৰি তুলিব।

 

হাজোৱালী ভাষা

**********************

বিকাশ দত্ত

**********************

ব্রহ্মপুত্রৰ উত্তৰ পাৰত অৱস্থিত শিল্প, ধর্ম আৰু সংস্কৃতিৰে জকমকাই থকা এখন পবিত্র পীঠ স্থান হাজো। এই পূণ্যভূমিতেই যুগ-যুগৰ ইতিহাস প্রসিদ্ধ মাধৱ, কেদাৰ, কামেশ্বৰ, গণেশ আৰু পোৱামক্কা। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা পবিত্র বৈষ্ণৱ-পীঠ ধোপৰগুৰি সত্রও হাজোত আছে।

এই পবিত্র ভূ-খণ্ডত অৱস্থিত এই বিভিন্ন মঠ-মন্দিৰবোৰত সঞ্চিত হৈ আছে বিভিন্ন কালৰ শিল্পকলাৰ অপূর্ব ৰূপ। এইবোৰত যুগ পৰম্পৰাৰ আধাৰত পেচলিত হৈ আছে অনেক দিব্য নৃত্য-গীত-বাদ্যৰ সংমিশ্রিত ধবনিয’ত প্রতি পদে পদে প্রবাহিত হয় অসমীয়া, ভাৰতীয় সংগীত নৃত্যৰ সুমধুৰ লয় আৰু তাল আৰু যেন এয়াই হাজো সর্বধর্মৰ মিলনভূমি, বিচিত্র শিল্প-সংস্কৃতিৰ মৌচাক কথাষাৰি প্রতিপন্ন কৰে। ধর্ম, শিল্প-সংস্কৃতিৰ বিচিত্রতাৰ দৰেই হাজো অঞ্চলত পূর্বৰে বসবাস কৰি অহা জাতি-সম্প্রদায়ৰ মাজত প্রচলিত হৈ থকা কথিত ভাষাটোতো এক সন্মোহিনী ৰূপ লক্ষ্য কৰা যায়। কেইতিমান উল্লেখনীয় তথা জনপ্রিয় হাজোৱালী শব্দ উল্লেস কৰা হ’ল—‘নিমু’(মান্য অসমীয়া ভাষাত ‘নেমু’ ),যাগেই (মান্য অসমীয়া ভাষাত ‘যোৱা’),ভোখ( মান্য অসমীয়া ভাষাত ‘ভোক’),পাতলা( মান্য অসমীয়া ভাষাত ‘পাতল’), ডাঙাৰ (মান্য অসমীয়া ভাষাত ‘ডাঙৰ’),পাটকি (মান্য অসমীয়া ভাষাত ‘কুৱা’), মোকচা্ (মান্য অসমীয়া ভাষাত ‘গামোচা’), তেলভকা(মান্য অসমীয়া ভাষাত ‘পঁইতাচোৰা’), টোপনি (মান্য অসমীয়া ভাষাত ‘ঘূমটি’)।

নুমলীয়া পো


*************************
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
****************************************

এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি- ভাবি পুতেকৰ নাম কি থব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুচি, তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম নোমল দিলে।
বুঢ়াই গণকক পানী-গামোছা এখন আৰু এটা চৰতীয়া দি নামতো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল” কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল”,“নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱঁৰ ওচৰা-ওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে।” বিস্তাৰিত পঢ়ক

সময় ভ্রমণ সম্ভৱনে ?


সময় ভ্রমণ – এই শিহৰণকাৰী শব্দ দুটাই বিজ্ঞানীসকলৰ বাবে অতীতৰপৰাই এক চিন্তাৰ খোৰাক ৰূপে কাম কৰি আহিছে আৰু বর্তমান সময়তো এই বিষয়টোক লৈ নানা ধৰণৰ গৱেষণা চলি আছে। সময় ভ্রমণক লৈ নানা ধৰণৰ কল্প কাহিনীও সৃষ্টি হৈ আছে। মহাভাৰত ( উল্লেখ আছে যে ৰজা কুকুদমিয়ে ব্রহ্মদেৱৰ দর্শন লাভৰ বাবে স্বর্গলৈ যাত্রা কৰে আৰু উভতি আহি প্রত্যক্ষ কৰে যে পৃথিৱীত বহু বছৰ উকলি গৈছে)কে ধৰি অইন বিভিন্ন ধৰণৰ লিখনিসমূহতো সময় ভ্রমণক লৈ নানা ধৰণৰ কল্প-কাহিনী প্রকাশ হৈছে যদিও এইচ.জি.ৱেলছৰ কল্পবিজ্ঞান ভিত্তিক উপন্যাস “ THE TIME MACHINE”(১৯৮৫)য়ে এক অন্য মাত্রা প্রদান কৰে।
বর্তমানৰ যুগত সময় ভ্রমণক লৈ কৰা গৱেষণাবিলাকৰ ভিতৰত বিখ্যাত পদার্থবিজ্ঞানী ষ্টিফেন হকিঙৰ গৱেষণাৱলী উল্লেখযোগ্য। হকিঙৰ মতে “সময় যাত্রাৰ মূল চাবিকাঠি হ’ল কৃষ্ণ গহবৰ(BLACK HOLES-তীব্র ঘনত্ব তথা তীব্র মাধ্যাকর্ষণ শক্তিসম্পন্ন বস্তু যিবিলাকৰ মাজেৰে পোহৰ সহজে পাৰ হৈ যাব নোৱাৰে)।“ তাৰকাৰাজ্যত কৃষ্ণ গহবৰে সময়ৰ ওপৰত নাটকীয় প্রভাৱ দেখুৱায়, ইয়াৰ গতি লেহেমীয়া কৰি আৰু ইয়ে প্রাকৃতিক সময় যন্ত্রৰ ধাৰণাটো দাঙি ধৰে” হকিঙে লিখিছে।
সম্ভৱতঃ ই এনেদৰে কাম কৰে—
“কল্পনা কৰি লোৱা হ’ল এখন অন্তৰীক্ষযান হাতীপটিৰ কেন্দ্রত পৃথিৱীৰপৰা ২৬,০০০ আলোকবর্ষ আতৰত এটা বৃহৎ ভৰ সম্পন্ন কৃষ্ণ গহবৰৰ চাৰিওকাষে পৰিভ্রমণ কৰি আছে।পৃথিৱীত থকা মহাকাশ সংস্থা সমূহৰ পৰা প্রত্যক্ষ কৰিলে অন্তৰীক্ষযানখনে প্রতি ১৬ মিনিট সময়ত এটা কক্ষপথ সম্পূর্ণ কৰা যেন লাগিব” হকিঙে লিখিছে।
“কিন্তু বৃহৎ ভৰ সম্পন্ন কৃষ্ণ গহবৰৰ নিচেই ওচৰত চাৰিওফালে পৰিভ্রমণ কৰা যানখনত থকা সাহসী যাত্রীকেইজনৰ বাবে সময় কমি যোৱা যেন অনুভৱ হ’ব।প্রতি ১৬ মিনিটৰ কক্ষপথৰ বাবে, তেওঁলোকে সময় মাত্র ৮ মিনিট উকলি যোৱা অনুভৱ কৰিব” হকিঙে লিখিছে।
যদি তেওঁলোকে পাঁচ বছৰ বৃহৎ ভৰ সম্পন্ন কৃষ্ণ গহবৰৰ চাৰিওফালে পৰিভ্রমণ কৰি থাকে, তেনেহ’লে পৃথিৱীত সম্ভৱতঃ ১০ বছৰ অতিক্রম হৈ যাৱ !! বিস্তাৰিত পঢ়ক