বিশ্বৰ প্রথমটো ব্যৱসায়িকভাৱে মুকলি কৰি দিয়া কম্পিউটাৰ (COMMERCIAL COMPUTER)

 

 

 

 

UNIVAC -I ( UNIVersal Automatic Computer I ) হ’ল বিশ্ববাসীৰবাবে ব্যৱসায়িকভাৱে মুকলি কৰি দিয়া প্রথমটো কম্পিউটাৰ। কম্পিউটাৰটো বিকশিত কৰা হৈছিল ENIAC ৰ উদ্ভাৱকদ্বয় J.Presper Echert আৰু John Mauchly ৰদ্বাৰা তেওঁলোকৰ ব্যৱসায়িক প্রতিষ্ঠান Echert- Mauchly Computer Corporation ত। এই শ্রেণীৰ প্রথমটো কম্পিউটাৰ UNITED STATES CENSUS BUREAU ক ৩১ মার্চ, ১৯৫১ চনত প্রদান কৰা হৈছিল আৰু বিশ্ববাসীৰবাবে ৪ জুন, ১৯৫১ ত মুকলি কৰা হৈছিল।প্রথম অৱস্থাত যন্ত্রটি ১,৫৯,০০০ $ ত বিক্রী কৰা হৈছিল যদিওঁ যন্ত্রটিৰ বিক্রীমূল্য ১,২৫০,০০০ $ ৰপৰা ১,৫০০,০০০ $ লৈ বৃদ্ধি হৈছিল।
ইয়াৰ উল্লেখনীয় বৈশিষ্ট্যসমূহ হ’ল—–
(ক) যন্ত্রটিৰ ওজন ২৯০০০ পাউণ্ড, যন্ত্রটোৰ আকাৰ ২৫ফুট x ৫০ ফুট, ৫৬০০ ধাতুৰ নলী (tube), ১৮০০০ স্ফটিকাকৃতিৰ ডায়’ডযুক্ত (crystal diode) আৰু আভ্যন্তৰীণভাৱে ৩০০টা তথ্য সম্প্রচাৰত কৰিবপৰা কেন্দ্র(relays) আছে।
(খ) যন্ত্রটিত সংযুক্ত ক্রমবদ্ধ বৈদ্যুতিক বর্তনী(serial circuitry)ৰ সহায়ত ২.২৫ মেগাহার্জ (MHz) বিটৰেট্( bitrate) গতিত প্রক্রিয়াবোৰ সম্পাদনা কৰিব পাৰে।
(গ) যন্ত্রটোৰ আভ্যন্তৰীণ সঞ্চয় ক্ষমতা(internal storage capacity)ৰ সহায়ত ১২,০০০ আখৰ/বর্ণ বা ১০০০ শব্দ সঞ্চয় কৰি থ’ব পাৰি।
(ঘ) UNIVAC –I হ’ল চুম্বকীয় ফিটা (magnetic tap) যুক্ত তথা বাফাৰ(buffer) প্রযুক্তি সম্বলিত প্রথমটো কম্পিউটাৰ।
(ঙ) যন্ত্রটিক প্রয়োজনীয় বৈদ্যুতিক শক্তিৰ পৰিমাণ হ’ল ১২০ KVA । ক্ষিপ্র সময় প্রক্রিয়াবোৰ(processing time speed) হ’ল ক্রমে পাটীগণিতীয় কার্য (arithmetic function)ৰ বাবে ০.৫২৫ মিলিছকেণ্ড,পূৰণ কার্য(multiplication)ৰ বাবে ২.২৫ মিলিছকেণ্ড আৰু হৰণ কার্য (division)ৰ বাবে ৩.৯ মিলিছকেণ্ড।

******************
বনজিত
******************

 

 

 

 

মতামত দিয়ক