বান্ধোন [খণ্ড 2] 

✍ হিৰণ্য  ডেকা
ই-মেইল: hiranya321@gmail.com

খণ্ড ২

তাই অহা দেখিলেই তাইৰ দেউতাকৰ চাইকেলৰ পিছে পিছে পেদেল মাৰো পুষ্পৰ ঘৰলৈ । তাইৰ স্কুলত যাবলৈ হ’লে পুষ্পৰ ঘৰৰ ওচৰৰ তিনিআলি হৈ যাব লাগে। আমি পুষ্পৰ ঘৰত মাত লগাই একেলগে স্কুল যাওঁ। পুষ্প আৰু তাৰ বায়েক এখন চাইকেলত আৰু আমি দুয়ো এখনত।


সিদিনা তাই স্কুললৈ অহা নাছিল। কিয় বা নাহিল তাই আজি । কি বা হ’ল । তেনেকৈয়ে আমি স্কুল গলো যদিও মোৰ মনটো কিবা ভাল নালগিল। সমীন মোৰ খুব ভাল বন্ধু, কথাটো তাৰ বাহিৰে আন কোনেও নাজানে। সি মাজে মাজে মোক জোকাইছিল যদিও বেলেগে সেইটো ধৰিব পৰা নাছিল। সিদিনা তাইক পুৱা নেদেখা কাৰণে সি মোক ইংগিতেৰে জোকাই আছিল। ৰাতিপুৱা তাইক নেদেখিলে মনটো ভালে নালাগে। তাইক মনে মনে ভলপাই পেলাইছিলো যদিও তাইৰ বিষয়ে একো জনা নাছিলোঁ মই। আনকি তাইৰ নামটোও জনা
নাছিলোঁ। তেনেকৈয়ে ভালপাই গৈছিলো। সিদিনা স্কুলৰপৰা আহোতে সমীনে মোক বিশ্বাস দিছিল যে অহাকালি মই তাইক দেখা পাম ।


– তাইৰ হয়টো কিবা অসুখ হৈছে। তাই চাগে আজি সোনকালে পাৰ হৈ গৈছে ।
– হ’ব পাৰে । কিন্তু নাহিবও পাৰে ।– আজি আমাৰ অলপ দেৰি হৈছিল চাগে। অহাকালি মই সোনকালে আহিম, তই ওলাই থাকিবি।
– হ’ব দে, ব’ল এতিয়া আবেলি টিউচনত তাক মই সেয়ে সুধি আছিলোঁ। তাইক কিয় নেদেখিলো । অহাকালি দেখা পাম নে নাপাম।
ক্লাছ ফাইভৰ টিউচন শেষ কৰি আমাক চাৰে পঢ়াইছিলে। আমাৰ ঘৰৰ ওচৰৰ ঝৰ্ণা, পংখী হতে ফাইভৰ টিউচনত অহা দেখা পালোঁ । সিহঁতে মোক দাদা বুলি মাতে, প্ৰায়ে মোৰপৰা কিতাপ নিব আহে। ঝৰ্ণাই কেতিয়াবা মোৰ পুৰণা তিউচনৰ বহী আৰু স্কুলৰ বহীও লব আহে। ঝৰ্ণা, মোৰ সম্পৰ্কীয় জেঠীৰ ছোৱালী। ঘৰটো ওচৰতে। পঢ়া শুনাত মনোযোগ কম তাইৰ। মুখখন কিন্তু অনবৰত চলিয়ে থাকে, কিবা নহয় কিবা বকিয়ে থাকে। ঘৰৰ একমাত্ৰ ছোৱালী বাবে সকলোৰে মৰমৰ । পঢ়াত ৰাপটো অলপ কম। তথাপি মাকৰ কথামতে বহী কিতাপ নিব আহে । স্কুলৰ কিতাপত কৈ তাই বাহিৰা কিতাপ বেছি পঢ়ে । গল্প সাধুকথাৰ কিতাপ পঢ়ি ভাল পায় তাই।


– অই ব’ল ঘৰত
– অহাকালি আহিব নে তাই ক চোন ।
– আহিব দে, ব’ল এতিয়া  ৰাতি ভাত পানী খাই সোনকালে শুম বুলি মনতে ভাবিলো। এনেই ভাত খাই উঠি দেউতাৰ লগত ৰেডিঅ শুনা মোৰ অভ্যাস। দেউতাৰ লগত প্ৰায়ে ৰাতি ৰেডিঅ’ত নাটক শুনো। ৰেডিঅ’ৰ নাটকৰ এটা শুকীয়া আমেজ আছে। আজি কিন্তু শুই থাকিম সোনকালে। মাক সোনকালে জগাই দিব কৈ শুই থাকিলো। পুৱা মাই উঠাই দিলে সোনকালে। ৰাতিপুৱা উঠি অলপ পঢ়ি লৈ গা পা ধুই উঠিলো। পঢ়া টেবুলত থকা সৰস্বতীৰ ফটো খনৰ সন্মুখত ধূপ লগাই সেৱা এটা কৰিলোঁ।


– হে সৰস্বতী মা, আজি যাতে তাইক দেখা কৰাই দিয়া। আজি যাতে মনটো ভাল লাগে ।
– কি অ, তোৰ কিবা পৰীক্ষা আছে নেকি আজি? পুৱাই ধুপ লৈ সেৱা কৰিছা যে ।
– নাই অ দেউতা, এনেই টেবুলত ধুুপ দিলোঁ, সেৱা এটা কৰিলোঁ।
– এনে পৰীক্ষা থাকিলেহে চোন সেৱা কৰ তই। আজি বা কি হ’ল।
– এনেই সোনকালে উঠিলো কাৰণে সেৱা কৰি ধুপ দিলোঁ। কিতাপ বহী ঠিক কৰি ভাত খালোঁ। ঘৰৰ পৰা আহি সমীনৰ ঘৰ পালোঁ, তাক মাত লগাই চাইকেলখন উলিয়ায় ললো।
– অই চাইকেলত চোন পাম নাই। হ’ল দে আজি আৰু । অই তই চাইকেলত পাম টো দ থব পৰা নাই। কি হ’ব এতিয়া
– এহ একো নাই ৰ, যাওঁতে মনোহৰ কাইৰ দোকানত দি যাম দে
– আৰু দেৰি হ’ব তোৰ কাৰণে।
– নহয় দে দেৰি, এতিয়া বহুত সময় আছে আৰু। তই নঙলাত ৰ অলপ।
– তই আহ ওলাই সোনকালে। (তাই বা কেতিয়া আহি পায়, ইফালে পামও নাই চাইকেলত)
– আহিল নেকি
– নাই দেখোন, এতিয়ালে আহাই নাই।
– অই আজিও নাহে নেকি, ৰৈ থাকি লাভ নাই। চাইকেলত পাম দি হে স্কুল যাব লাগিব। ইফালে কিন্তু মিনতি বাইদেউৰ ক্লাছ আছে, দেৰি কৰিব নোৱাৰা।
– এহ ৰহ, অলপ সময় ৰ । আহিবই চাগে। অলপ সময় চাই যাওঁ।
– কিমান ৰখিবি আৰু, ব’ল অ বহুত দেৰি হ’ল। আমি গৈয়ে নাপাম স্কুল।
– অলপ সময় ৰ না । কিয় বা আহি পোৱা নাই এতিয়াও। (আজি কি হ’ল বা আকৌ,এতিয়ালে অহা নাই)
– অই ইমান মাথা মাৰি লাভ নাই। আহিলে দেখা পালো হৈ। অহা নাই আজি। এতিয়া ব’ল, আহাকালি দেখা পাবি ব’ল।
– আৰু ৫মিনিট ৰ না, চাই কিনে যাও। (হে সৰস্বতী মা, কি হ’ল আজি, আজি দেখা নাপালোঁ চোন)
ৰাষ্টাই ৰাষ্টাই চাইকেল ঠেলি দোকানৰ ফালে গৈ থাকিলো। মনটো কিবা বেয়া লাগিল। ইমান পুৱাই উঠিচো, কিমান ভাবি আছিলোঁ। আজিও নাহিল তাই। আমি ঠেলি ঠেলি চাইকেল দোকান আহি পালোঁ।
– অ খুৰা, চাইকেলখনত অলপ পাম মাৰি দিয়ক না। আমাৰ স্কুললৈ দেৰি হ’ব।
– ৰ, দি আছোঁ। আগতে দি থৈ দিব লাগে, ইমান দৌৰা দৌৰি যদি।
– গম পোৱা নাছিলো খুৰা, পুৱাহে দেখিলোঁ।
– আজি তই এ চলাবি, মই নচলাও। (আজি বা কি হ’ল তাইৰ) কিয় বা নাহিল তাই।
আমি চাইকেল লৈ যাব ললো। এনেতে পিছফালৰ পৰা কোনোবা মাইকী মানুহ এজনীয়ে মাত দিলে।
– মনোহৰ দা, অলপ পাম দি দিয়ক আগৰ চকাত। মাইনাক স্কুলত থব দেৰি এ হ’ল।
– কিয় দেৰি হ’ল আজি, দেউতাকে নাহিল যে থব।
– অ, আজি মানে মাইনাৰ জন্মদিন যে, তেওঁ অলপ বজাৰত গ’ল।
– অ, মাজনী ডাঙৰ হ’লেই চোন
– মাজনী, খুৰাক চকলেট দিয়া এটা। আৰু এই দাদা দুজনকো দিয়া।
আমি ইমান সময় সেইফালে চোৱাই নাছিলোঁ, ছোৱালীজনী অলপ দুৰত থিয় হৈ আছিল। সমীন আৰু মই কিবা কথা পাতি আছিলোঁ।
– দাদা, চকলেট
সমীনে চকলেট লৈ এ মোক চিঞৰি দিলে।
– অই ভাই চা না, চকলেট ল। আজি তাইৰ জন্মদিন। (বিচাৰি থকা ছোৱালী জনিৰ জন্মদিন)
মই চকলেটটো ললো, তাইক দেখা পাই মোৰ মুখৰ মাত হেৰাই গ’ল। ইমান সময় তাইৰ কথাই ভাবি আছিলোঁ আৰু তাই এতিয়া সন্মুখত। এইজনী ইমান দেৰি কৰিলে আজি মনতে ভাবিলো। চকলেট দি গ’ল, তাইৰ জন্মদিনৰ। মোৰ মনটো যেন কিবা এটা ভাল লাগি গ’ল। আমি লৰালৰিকৈ স্কুল গলো।
– আজি যদি চাইকেলত পাম থাকিল হৈ, তই টো তাইক দেখা নাপালি হৈ।
– আজি মনটো ভাল লাগিল দে বহুত, আজি তাইৰ জন্মদিন। (আজি বহুত মৰমলগা হৈ আছিল তাই, এডাল বেনি গুঠি আহিছিল মুৰত, এটা নীলা ফোট কপালত। বহুত ধুনীয়া লাগিছিল আজি তাইক)
– চাইকেলত পাম নথকা বাবে ভালে হ’ল, তাইৰ নামটো মাইনা , গম পালি।
– ধুনীয়া নাম, মিলিব দে ন, অঙ্কুৰ + মাইনা
– এহ, থ তোৰ ফাল্টু কথা তাইক কি ইমান ভাল লাগে নাজানো। কিবা এটা ভাল লাগে। কিতাপৰ ভাঁজত, বহীৰ পিছফালৰ কভাৰত যেন দুটা আখৰ জিলিকি থকা হ’ল। A আৰু M। মনত এটাই নাম মাইনা।  

আগলৈ—->

——>খণ্ড ১ ৰ লিংক<——

 

বান্ধোন [খণ্ড ১] 

হিৰণ্য  ডেকা
ই-মেইল: hiranya321@gmail.com

খণ্ড ১   

প্ৰেম এক স্বৰ্গীয় অনুভূতি, প্ৰেম এক আবেগ, প্ৰেম আশীৰ্বাদ, প্ৰেম বিষাদ, প্ৰেম এক অৰ্তনাদ , প্ৰেম জীৱন । প্ৰেম কোনো প্ৰিয়জনৰ কথা মনত পৰিলে ওঁঠত জিলিকা হাঁহি । প্ৰিয়জন কাষত থাকিলে পোৱা সাহস । যাক এবাৰ দেখিলে হিয়া ভৰি পৰে, সেয়াই প্ৰেম । প্ৰেম এক বিশাল আকাশ, জোনাকী নিশাৰ সংগী । বহুত ভালপাইছিলো তাইক । ক’ব নোৱাৰাকৈ ভালপাই পেলাইছিলো তাইক ।

প্ৰেম কেনেকৈ জীৱনলৈ আহে কোনেও নাজানে। মইও জনা নাছিলোঁ প্ৰেম কি। প্ৰেমৰ কি অনুভৱ। প্ৰেম কেনেকুৱা, প্ৰেমৰ অৰ্থ কি, একোকে জনা নাছিলোঁ। কিন্তু কেনেকৈ প্ৰেম সাগৰত ভৰি দিলোঁ গমকে নাপালোঁ ।

মই তেতিয়া ক্লাছ চেভেনত পঢ়ি আছিলোঁ । হয়টো প্ৰেম ভালপোৱা এই শব্দকেইটা জনিছিলোহে । অৰ্থ বুজাৰ বয়স হয়টো হোৱাই নাছিল । ভালপোৱা মানে ভাবিছিলো হিন্দী চিনেমাৰ নায়ক নায়িকাই কৰা অভিনয়বোৰ । সকলো কাহিনীয়ে সঁচা বুলি মনত ভাবি লৈছিলোঁ। হিন্দী চিনেমা চাবলৈ বিৰাট ভাল পাওঁ মই তেতিয়া, কিন্তু চিনেমা চাবলৈ পাওঁ দেওবাৰৰ দিনা আবেলি হে ওচৰৰ ৰত্ন খুৰাৰ ঘৰত । তেতিয়া টিভি আছিল গাঁৱৰ প্ৰায় দুই এঘৰ মানুহৰ ঘৰতহে । এতিয়াৰ দৰে ঘৰে ঘৰে দিছ, ঘৰে ঘৰে টিভি মানুহৰ ঘৰত নাছিল। তেতিয়া ভাবিছিলো মোৰ এক কাহিনী হওঁক নিজা । এক ভালপোৱাৰ কাহিনী ঠিক চিনেমাৰ দৰে ।

তাই তেতিয়া ক্লাছ ফাইভত । দেউতাকে সদায় চাইকেলেৰে স্কুলত থব যায় আমাৰ ঘৰৰ সন্মুখৰ ৰস্তাটোই দি । তাই পঢ়ে গাঁৱত নতুনকৈ হোৱা প্ৰাইভেট স্কুল খনত । আৰু মই যাওঁ আমাৰ হাইস্কুলত । সদায় স্কুল যোৱা সময়ত তাইক দেখা পাওঁ । মুখত এটা ধুনীয়া হাঁহি, মূৰত ৰঙা বেনী । দেউতাকৰ চাইকেলত বহি সদায় স্কুলত যায় তাই । তেতিয়াও বুজা নাছিলোঁ প্ৰেম নে ভালপোৱা । কেৱল তাইক দেখা পাওঁ সদায় স্কুল যোৱা সময়ত । যিদিনা নেদখো মনটো কিবা উকা উকা লাগি থাকে । হয়টো এয়াই কিবা এটা আছিল । মনৰ প্ৰশান্তি । ভালপোৱাৰ অনুভূতি ।

তাইৰ সৈতে দেখা হোৱাটো যেন এক দৈনন্দিন নিয়ম হৈ পৰিছিল । ক’ব নোৱাৰাকৈয়ে যেন তাইক ভালপাই পেলাইছিলো । যিকোনো চিনেমা চালেই নিজকে নায়ক আৰু তাইক নায়িকা সজাই কল্পনাত সপোন ৰচিব ধৰিলো ।

ৰাতিপুৱা টিউচনৰপৰা আহি দৌৰাদৌৰিকৈ ভাত খাই স্কুল যোৱাটো মোৰ নিয়ম । ঘৰৰপৰা কিছুদূৰত মদন চাৰৰ ঘৰত ইংৰাজী বিষয়ৰ টিউচন । ইংৰাজী ভাষাটো খুব টান । আমাৰ অঞ্চলটোত মদন চাৰৰ বাহিৰে কোনেও ভালকৈ ইংৰাজী বুজাব নোৱাৰে বুলি সকলোৱে জানে । চাৰৰ ঘৰত টিউচন কৰিবলৈ বহুত ল’ৰা ছোৱালী আহে বাবে তেওঁ ক্লাছ সমূহ ভগাই লৈছে । ক্লাছ ফাইভৰ পৰা ক্লাছ টেনলৈ চাৰে তিউচন কৰায় । তেওঁ পুৱা ৬ মান বজাৰপৰা টিউচন আৰম্ভ কৰে । সপ্তাহৰ তিনিদিন চাৰে আমাক পঢ়াই । প্ৰতি সোমবাৰ, বুধ বাৰ আৰু শুক্ৰ বাৰ ৰাতিপুৱা ৭ বজাৰপৰা । আমাৰ লগত ৰবিন, কনক, সমীন আৰু পুষ্পৰ লগত প্ৰায় পোন্ধৰ জনৰ এটা গ্ৰুপত আমাক চাৰে পঢ়াই । চাৰ বিৰাট ষ্ট্ৰিক আছিল । ইংৰাজী ব্যাকৰণ, ভাৰ্বৰ লিষ্ট মুখস্থ দিব নোৱাৰিলে খুব কোবাইছিল । মই ক্লাছ ছিক্সৰ পৰা চাৰৰ ওচৰত তিউচন কৰি আছোঁ । পঢ়া শুনাত খুব বেয়া নহয় বাবে চাৰে মোক খুব মৰম কৰিছিল । মাজে মাজে চাৰে সন্ধিয়া আমাৰ ঘৰলৈ আহে খবৰ লব । টিউচনত প্ৰায়ে চাৰৰ চেকনীৰ কোব খাই সমীন আৰু পুষ্পই । পুষ্প খুব উৎপতীয়া স্বভাৱৰ আছিল, সকলো সময়তে ধেমালি আৰু জোকোৱা স্বভাৱটো তাৰ বহুত বেয়া আছিল। এনেকৈয়ে আমি ইংৰাজী টিউচন কৰি আছিলোঁ। ৰাতিপুৱা চাৰৰ কিবা অসুবিধা থকা বাবে আমাৰ টিউচনটো পিছবেলা কৰিব বুলি কলে। মই খুব ভাল পালোঁ, নহলে পুৱা উঠি বহুত দৌৰা দৌৰি হয় । এতিয়া ৰাতিপুৱা অলপ পঢ়ি লৈ গা পা ধুই ধুনীয়াকৈ স্কুল যাম । চিন্তা মনত এটাই দেখাত যাতে মোক ভাল দেখি । তাইক যাতে মই অলপ বেছি সময় দেখা পাওঁ । ধান্দা মনত এটাই ঘৰৰপৰা সোনকালে ওলাই সমীনৰ ঘৰত যাম, তাৰ পিছত তাৰ সৰু চাইকেলখনলৈ দুয়ো স্কুল যাম।
চাইকেলখন লৈ দুয়ো তাৰ ঘৰৰপৰা ওলাই ৰৈ থাকোঁ তাৰ ঘৰৰ সম্মুখত । কেতিয়া তাইক দেখা পাওঁ। কেতিয়া যে আহিব তাই । কেতিয়া যে দেখা পাম তাইক।

 

আগলৈ—->

—->খণ্ড 2 ৰ লিংক<——

বেটুপাত সৌজন্য- ৰাকেশ দত্ত (sketchmypics.com)

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

 ধীৰেন শইকীয়া
ই-মেইল: dhirensaikia767@gmail.com
উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলৰ মানুহেই কম বেছি পৰিমাণে কামাখ্যাৰ শক্তিপীঠখনৰ কথা জানে। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি পীঠ কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ ভূমিকা লৈ আহিছে।
কামাখ্যাৰ দৰে সমগ্ৰ ভাৰততে আৰু একাৱন্নখন জাগ্ৰত পীঠ আছে বুলি জনা যায়।  এই ঐতিহাসিক পীঠখনৰ বিষয়ে আমাৰ এই প্ৰবন্ধত পীঠখনৰ বিষয়ে আলোচনা কৰিব ওলাই আমাৰ নিজৰ কবিতা এটালৈয়ে মনত পৰিছে য’ত তাহানিতে আমি লিখিছিলোঁ-
“নৰকাসুৰৰ সপোন সুন্দৰী 
শিৱৰ অৰ্ধাংগিনী তুমি
যক্ষ পিতাৰ তিৰস্কাৰত
আত্মাহুতি দি 
আছা নীলাচলৰ আঁচল চুমি
বিশ্বসিংহৰ ভক্তিৰ অঞ্জলি যাঁচি
পূবৰ ভকতি দুৱাৰত আহি বোৱাইছা শান্তি 
ঋষি বশিষ্ঠই তোমাৰ দৰ্শন নাপাই সাপিলে নৰকাসুৰক 
অসুৰৰ সংহাৰ গ’ল বাঢ়ি 
যদুনন্দন আহিল চক্ৰ ধৰি
হে কাত্যায়নী দেৱী মহিষী মৰ্দিনী
সমস্ত পাপৰ বিষহাৰিনী
দেৱী চামুণ্ডা কালী
কত যুগ ধৰি পাইছা তুমি খিলঞ্জীয়াৰ পূজা
আজি চৌদিশে আমাক বিপদে ধৰিছে বেঢ়ি,
নহয় ইটো অম্বুবাচী নিবৃত্তি 
তথাপি দিয়া সাহসৰ মন্ত্ৰ
আগবঢ়াম আমি ৰক্তবস্ত্ৰ।।”
○নৰকাসুৰে সজাইছিল কামাখ্যা মন্দিৰ○
কামাখ্যাৰ ইতিহাস বিচাৰিলে  নৰকাসুৰৰ আগৰ কালছোৱাৰ সময়খিনি কথা স্পষ্টভাৱে বিশেষ পোৱা নাযায়। নৰকৰ ৰাজত্ব কাল অষ্টম শতিকা বুলি ধৰিলে ষষ্ঠ আৰু সপ্তম শতিকাৰ সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে  কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি ভাবিব পাৰি। নৰকে কেৱল এইসময়ৰ বহুলভাৱে পূজিত দেৱীগৰাকীৰ পূজাৰ বাবে পীঠ স্থানখন বৰ আগ্ৰহেৰে নিৰ্মান কৰিছিল। বহুতে নৰকে নীল নামৰ পৰ্বতখনৰ কোনো এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও কব খোজে। নৰকৰ সময়ত যোনীপীঠখনৰ ওচৰে পাজৰে কেইঘৰমান কোচ,মেছ,বড়ো,খাছীয়া
আদি লোকৰ পৰিয়ালহে আছিল বুলি জনা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গলে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল বুলি ভবাৰ অৱকাশ আছে। অষ্টিকসকলৰ ধাৰনাত আকৌ কামাখ্যাক শ্মশান সংশ্লিষ্ট দেৱী বুলিহে জনা যায়।খাচীসকলে ইয়াক ‘কামেইখা’হে বোলে। আকৌ প্ৰচলিত এক কাহিনীমতে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। ড• বানী কান্ত কাকতিয়ে কামাখ্যা অষ্টিক আৰু মংগোলিয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে কব খোজে। ড• সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্ত্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে 630-644খৃঃত ভাৰতলৈ অহাৰ সময়ত পীঠখনৰ কোনো কথা ক’তো বৰ্ণনা নকৰালৈ চাই সেইসময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি ল’বলৈ টান লাগে ।
○কোঁচ ৰজা  বিশ্বসিংহৰ কামাখ্যা মন্দিৰলৈ অৰিহণা ○
18 গৰাকী ৰানী একেদিনাই বিয়া কৰোৱা এইগৰাকী কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মানৰ বাবে যথেষ্ট অৰিহনা যোগাইছিল বুলি’কোঁচ-কমতাৰ ইতিকথা’ নামৰ দ্বীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ গ্ৰন্থখনৰ 61পৃষ্ঠাৰ পৰা 64 পৃষ্ঠালৈ উল্লেখ আছে।
কোচ মহাৰাজ বিশ্বসিংহ (১৫১৫-১৫৪০) এবাৰ ভায়েক শিষ্যসিংহৰ লগত আহোম ৰাজ্যৰ  পৰা ঘূৰি আহোতে দুয়োভাতৃ ৰাতি নিজৰ সৈন্যদলৰ পৰা বিছিন্ন হৈ পৰে।তেওঁলোকে নিশাৰ ভাগত ঘুৰি ঘুৰি গুৱাহাটীৰ সমীপৰ নীলাচলত উপস্থিত হৈ এগৰাকী বৃদ্ধই এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই  ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিৱ পাৰে।ৰজাই উক্ত পীঠত গৈ সেৱা কৰি শপত ললে যে যদি ভায়েক আৰু সৈন্য সামন্তক লগ পাই তেন্তে কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মান কৰিব। কিন্তু কথামতেই কাম হ’ল তিনিদিনৰ ভিতৰত  বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যাপীঠত মন্দিৰ নিৰ্মান কৰে। জনামতে তেতিয়াৰ পৰা কামাখ্যাভক্ত হৈ পৰে বিশ্বসিংহ। বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময় ছোৱা উলিয়াব লাগিলে 1540 খৃঃৰ আগৰ হবই লাগিব। কাৰণ বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে  1540। 
○কেইবছৰমান নীলাচলত দেৱীপূজা হোৱা নাছিল○
গৌড় ৰজাৰ সেনাপতি  কালাপাহাৰে 1553 খৃঃত কেইবাটাও হিন্দু মন্দিৰৰ লগতে কামাখ্যা মন্দিৰো ভাঙি চিঙি চুৰমাৰ কৰাৰ পিছত 1565ত কোঁচ ৰজা নৰনাৰায়নে পুনৰ মন্দিৰটো পুনৰ নিৰ্মান কৰে বুলি জনা যায়। অৰ্থাৎ 1553 ৰ পৰা 1565চনলৈ এঘাৰ বছৰকাল মন্দিৰ  নোহোৱাকৈ বা ভগ্নস্তুপতে পূজা অৰ্চনা চলিছিল বুলিব পাৰি। 
○নৰনাৰায়নে  কামাখ্যা মন্দিৰ নিৰ্মান কৰাৰ সময়কাল○
বিশ্বসিংহৰ দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা  দুৰ্বলতা আছিলেই। 1540 খৃঃত নৰনাৰায়ন কোঁচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা দেশ জয় কৰি 1563ত আহোম ৰাজ্য আক্ৰমন কৰি গড়গাঁও অধিকাৰ কৰিছিল।তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা ,কছাৰী,জয়ন্তীয়া আদি  ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে।  তাৰ পিছত গৌড় দেশ আক্ৰমন কৰোঁতে সেনাপতি চিলাৰায় তাত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি  কালাপাহাৰে হেলাৰঙে
কামাখ্যা ধ্বংস কৰি থৈ যায়।  নৰনাৰায়নৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদোগত লয়।  নৰনাৰায়নৰ ভাতৃ চিলাৰায় দেৱানে ‘মেঘামুকদুম’ নামৰ ৰাজ ভাস্কৰ্য শিল্পীৰ হতুৱাই  মন্দিৰটো নিৰ্মান কৰিছিল। জনামতে মহৎৰাম বৈশ নামৰ ৰাজ কৰ্মচাকৰী এজনক মন্দিৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেবাটাও নেতিবাচক কথা দেখি এই কাম  ‘মেঘামুকদুম’ক দিয়ে। তেওঁৱেই পৰৱৰ্ত্তী সময়ত মন্দিৰটো বনায়।
○মন্দিৰটোৰ বিষয়ে আৰু অলপ○
 কোচঁ ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙনি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা থাৱৰ কৰিৱ পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলে পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্য সমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে।   ‘দৰং ৰাজবংশাৱলী’ত কোৱা হয় দেৱীয়ে হেনো কেন্দুকলাই নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা উলংগ নৃত্য কৰিছিল মন্দিৰৰ চৌহদৰ ভিতৰত। এবাৰ তেনে নৃত্য কৌশল কৰি চাবলৈ নৰকাসুৰে অভিসন্ধি কৰাত। দেৱীয়ে খঙতে কেন্দুকলাই নামৰ পুৰোহিতজনক প্ৰচণ্ড চৰ সোধাই। তেতিয়া তেওঁৰ মূৰটো চিঙি গৈ ওডালগুৰি জিলাৰ কলাইগাঁৱৰ ওচৰত পৰেগৈ। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত মূৰাদেৱৰ দেৱালয় আছে।

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ; এখনি পূণ্যতীৰ্থ

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ; এখনি পূণ্যতীৰ্থ

  ✍   কৰবী মহন্ত কলিতা

দিপলাং, লহকৰপাৰা

ই-মেইল: cokeparag123@gmail.com

কামৰূপ জিলাৰ হাজোৰ মণিপৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত, অসমৰ অন্যতম পূণ্যতীৰ্থ মাধৱ মন্দিৰ দেৱালয় অৱস্থিত। বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱৰ  ইয়াত পূজা- অৰ্চনা কৰা হয়। গৌতম বুদ্ধই এই স্থানতে নিৰ্বাণ লাভ কৰিছিল বুলি প্ৰবাদ আছে । 

  কিংবদন্তি অনুসৰি মধু আৰু  বৈভৱ নামৰ দুটা অসুৰে বৃদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা বেদসমূহ চুৰি কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। বিষ্ণুৱে হয়গ্ৰীৱ মাধৱৰ ৰূপ ধৰি বেদসমূহ উদ্ধাৰ কৰে আৰু হয়গ্ৰীৱৰ ৰূপতে শুই পৰে। মধু আৰু বৈভৱ নামৰ দানৱ দুজনে বিষ্ণুক মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক হত্যা কৰে।   

      হয়গ্ৰীৱ মাধৱ প্ৰাচীন মন্দিৰ, যদিও প্ৰাচীন মন্দিৰটো ভাঙি যোৱা বাবে পোন্ধৰশ তিয়াল্লিশ খ্ৰীষ্টাব্দত কোঁচ ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। আন কিছুমান বুৰঞ্জীবিদে ষষ্ঠ শতিকাত পাল বংশীয় ৰজাই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি ক’ব বিচাৰে। পূৰ্ণকান্ত বৰগোহাঞিৰ দিনত কলিয়াভোমোৰা বৰফুকনৰ  প্ৰথমা  পত্নী শয়নীয়ে মাটি এটুকুৰা দান কৰিছিল। 

     মন্দিৰটোৰ উপাসনাস্থলীত হয়গ্ৰীৱ,  বাওঁফালে দ্বিতীয় মাধৱ বা বিষ্ণু আৰু বৈষ্ণৱ সংস্কৃতিৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰতীক গৰুড়ৰ প্ৰতিমূৰ্তি আছে। আন মূৰ্তিসমূহ হৈছে চলন্ত মাধৱ, গোবিন্দ মাধৱ আৰু বাসুদেৱৰ। মন্দিৰটোৰ বাহিৰৰফালে বিষ্ণুৰ দহটা অৱতাৰৰ ভাস্কৰ্য্য আছে। মন্দিৰটো তিনিটা ভাগত বিভক্ত – গৰ্ভগৃহ, মধ্যভাগ আৰু শিখৰ। মূল মন্দিৰটোৰ ওচৰত আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটি সৰু মন্দিৰ আছে।

      হয়গ্ৰীৱ মাধৱ মন্দিৰত অসমৰ স্থাপত্য শিল্পৰ সুন্দৰ নিদৰ্শন পোৱা যায়। মন্দিৰৰ ভিতৰত কোঁচৰজা, ৰঘুদেৱ আৰু আহোমৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ দিনৰ শিলালিপি আছে। মন্দিৰটো শিলেৰে নিৰ্মিত , গাত হাতীৰ প্ৰতিমূৰ্তি এলানি আছে। মন্দিৰটোৰ ওচৰত মাধৱ পুখুৰী নামৰ এটা ডাঙৰ পুখুৰী আছে। 

       হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌলোৎসৱ, বিহু আৰু জন্মাষ্টমী পালন কৰা হয়। প্ৰতিবছৰে বিশেষকৈ মাঘ বিহুৰ সময়ত মন্দিৰ দৰ্শনৰ বাবে বহুতো ভক্তৰ সমাগম ঘটে  । এই মন্দিৰ ভক্তসকলৰ বাবে এক পুণ্যতীৰ্থ।

 

 

তোমাৰ তুমি

তোমাৰ তুমি

          

    ✍ বিকাশ নীল

               ঠিকনা- লালুক,লখিমপুৰ

               দূৰভাষ-৮৮৭৬০০৫৭২৪

 

বৰষুণ তুমি
আলফুলীয়া সেই টোপালবোৰত
তোমাৰ তুমি;

শীতল কেনভাছত
আলফুলে অঁকা এখন জীৱন্ত
ছবি তুমি,সেই মিঠা বৰ্ণালীত
তোমাৰ তুমি;

তোমাৰ তুমিত
মোক বিছাৰি ফুৰোঁ
বৰষুণত তিতি তিতি
আবেলি গধুলি….

বৰষুণজাকে মোৰ বুকুতে
ঘৰ এটি সাজক বুলি
আঁকি থওঁ সেউজী বননি,
আন্ধাৰৰ মাজতো খেপিয়াই় ফুৰোঁ
পোহৰৰ আলিংগন
তুমি আহিবা বুলি…

 

ছবি সৌজন্য : ৰাকেশ দত্ত ( চাব পাৰে – http://www.SkecthMyPics.com )

 

শাৰদীয় বতৰৰ এখন চিঠি

শেৱালি xewali art by rakesh

মৰমৰ …. 
মৰম লবা

নাজানো হৃদয়ত কিমান মৰম থাকিলে 
কাৰোবাক মৰমৰ বুলি ক’ব পাৰি 
ভুল হ’লে ক্ষমিবা

শাৰদীয় জোনাকৰ মোহনাত 
তোমালৈ নিবিড় ভাৱে মনত পৰিছে প্ৰিয়তোমা  
তোমাৰ প্ৰেমৰ উষ্ণতাত ঢালি দিছোঁ 
মোৰ ভালপোৱাৰ শিখা 
মাথো উমি উমি জ্বলিবলে

কেনেকৈ কওঁ 
কোন তুমি মোৰ বাবে 
হয়তো বুজাব পৰা সাৰ্থকতা 
মোৰ ওচৰত সীমাবদ্ধ 
তথাপিতো বাৰে বাৰে আঁকিছো 
শাৰদী ৰাণীৰ সমস্ত অলংকাৰেৰে 
হৃদয়ৰ কেনভাচত 
মাথোঁ তোমাকেই

ডাষ্টবিনৰ আৱৰ্জনাৰ প্ৰলাপবোৰ 
হয়তো খুবেই ঘৃণিত 
সেয়ে ইয়াতে সামৰিছো 
তুমি হয়তো কবা 
কি সব যে লিখিছে
য’তসব পাগলৰ কাৰ্য কলাপ 
অথবা ইউজলেচ ইম’চন

পুনশ্চ – 
      শাৰদীয় ৰাণীৰ ৰুপালী জোনাকত 
      পঢ়িব বিচাৰিছোঁ 
       তোমাৰ কুুকুৰ ঠেঙীয়া আখৰত 
       জীৱনৰ অমিয়া 
       সময় হলে লিখিবা ।

✍ মেহেনাজ সৰকাৰ

ওৱেষ্ট গোৱাল পাৰা কলেজত বসন্ত অনা ছোৱালীজনী

সাধাৰণ হাড় মঙহৰে গঠিত 
বাস্তৱ আজলী কুঁৱৰী তাই 
নিয়ৰৰ দলিচায়েদি 
ওৱেষ্ট গোৱাল পাৰা কলেজত তাই আহে 
গাভৰু আবেদনময়ী বসন্ত হৈ

শান্ত সৌম্য এক উজ্জ্বল নক্ষত্ৰ 
আমানিশাৰ মাজতো জিলিকি উঠে 
যেন সদ্যস্নাতা মহাসূৰ্য

মাখন বৰণীয়া মধ্যমিয়া শৰীৰৰ 
তাইৰ পাতল লিপিষ্টিকৰ ওঁঠত মিচিকিয়া হাঁহি বাবে 
বহু  কবি হয় 
জোনাকৰ নিয়মীয়া প্ৰেমিক 
আঘোণৰ ডাঠ কুঁৱলীকো নেওচি 
ৰচিব পাৰে ভালপোৱা ভালপোৱা মধুৰ সংগীত

তাই কলেজত আহিলে 
ডালে ডালে কৃষ্ণচূড়া ফুলে 
শৰ্মা ছাৰে মধু বুলি মাতে 
বহু উতনুৱা ডেকাই চোকে কোনে ৰৈ থাকে 
মৰমৰ হেজাৰ সুশোভিত বাক্যৰ 
ফুল শৰে বিদ্ধ কৰিবলে;

থুথুৰীৰ পাতল ক’লা দাগটোৱে যেন
তাইৰ সৌন্দৰ্যৰ সোণত সুৱগা চৰে 
অসমীয়াত গুৰু বিষয় লৈ 
তাই প্ৰমাণ কৰিলে 
লাচিত বৰফুকনৰ দেশত অসমীয়াৰ কৰ্তব্য কি

গহীন গম্ভীৰ মাৰ্জিত আচৰণৰ 
তাইৰ জীৱন   আকাশত 
কেতিয়াও মেঘে ভুমুকি মৰা নাই 
বেলি ফুলে সদায় দি যায়  
কলিজাৰ হাবিতলীয়া সেউজময়তাত 
পোহৰ সুগন্ধ ।
  

✍ মেহেনাজ সৰকাৰ

প্ৰেম , সপোন আৰু অন্যান্য

পাতনি 
মোৰ জীৱন  বলুকাত 
ৰোমন্থনৰ প্ৰতি সিৰাই সিৰাই; 
এখনি সোনবৰণীয়া গাঁও ( লালকুৰা )
য’ত 
অহৰহ ভাৱে ভুমুকি মাৰে 
প্ৰেম , সপোন আৰু অন্যান্যৰ 
গোলাপ ৰঙী হাঁহি এটাই

     প্ৰেম 
নিৰানব্বৈটা বেলুন আকাশত উৰুৱাই 
ভালপোৱাৰ ঋতু অহাৰ সংকেত দি 
মোৰ জীৱনলে আহিল প্ৰেম 
মনৰ অজান্তে ভালপাব পৰা হ’লো 
লালকুৰা গাঁৱৰ ফুলবোৰ চৰাইবোৰ মানহবোৰ 
আনকি মোৰ বেয়া লগা বস্তুবোৰো 
প্ৰেম হয়তো এনেকুৱাই 
নিজকে হেৰুৱাই 
কিবা এটা পোৱাৰ সেউজ বাসনা

      সপোন 
আশাৰ পানচৈ মেলি 
এটুকুৰা সপোনে গজালি মেলিছে 
লালকুৰাৰ পলসুৱা মাটিডৰাত 
মৃদু মলয়াত লহপহকৈ নাচিবলে 
সময়ৰ সেওঁতাত 
এন্ধাৰৰ ক’লা বৰ্ডত
আৱদ্ধ হ’ল সপোনৰ প্ৰতিটো অধ্যায় 
হয়তো বটবৃক্ষ হৈ বাঢ়িব
কোনো এটি উমাল বসন্তত

       আৰু অন্যান্য 
কঁহুৱা ফুলীয়া সুবাস হৈ
সঘনে উঠা নমা কৰিছে লালকুৰাৰ 
এখনি মনোলোভা ছবি 
হয়তো মোলৈ 
সংগোপনে প্ৰেমৰ চিঠি লিখিছে ।
       

✍ মেহেনাজ সৰকাৰ

কবিতা ভালপোৱা ছোৱালীজনী

ৰঙা ৰঙা শিমলু ফুলা 
লালকুৰা গাঁৱৰ কবিতা ভালপোৱা ছোৱালীজনী 
আজিও ভালপোৱানে কবিতা 
একেই আছনে তোমাৰ ৰুচি অভিৰুচি
থাকিলে অৱশ্যেই জনাবা 
তোমাৰ কবি 
এতিয়াও তোমাৰি ভাস্কৰ্য্য অংকন কৰাত ব্যস্ত 
কাব্য কাননৰ নিলিম আকাশত

কবিতা ভালপোৱা ছোৱালীজনী 
আজিও একেই আছে মোৰ 
সেই দুৰ্দান্ত সাহস 
তোমাৰ চকুত চকু থৈ 
কবিতা আবৃত্তি কৰিবলে 
কিন্তু …
কিন্তু সময়ৰ চাকনৈয়াত
আজি মই বহু দূৰত্বৰ ব্যৱধানত

দূৰত্বৰ সীমাৰেখা ভাঙি 
আজিও আবৃত্তি কৰো 
জোনাকৰ মোহনাত , কৃষ্ণচুড়াৰ দলিচাত 
আমানিশাৰ এন্ধাৰৰ নিষিদ্ধ গলিত 
তোমাৰ প্ৰিয় কবিতা 
কবিতা ভালপোৱা ছোৱালীজনী 
শুনিছানে তুমি ?

কবিতা ভালপোৱা ছোৱালীজনী 
তুমি কবিতা ভালপোৱা বাবেই 
মই কবি 
তুমি কবিতা ভালপোৱা বাবেই 
মই তোমাৰ দুৰ্দান্ত প্ৰেমিক 
তুমি কবিতা ভালপোৱা বাবেই 
মই সপোনৰ চৈ দিয়া নাওঁৰ শ্ৰেষ্ঠ নাৱিক

কবিতা ভালপোৱা  ছোৱালীজনী 
বুকুৰ হাৰ্ডিক্সত ছেভ হৈ থকা কথাষাৰ 
আকৌ তোমাক ক’ব বিচাৰিছোঁ 
কবিতাৰেই 
হৃদয়ৰ নিৰ্জন দ্বীপৰ পঁজা ঘৰত 
তোমাক স্হায়ী বাসিন্দা কৰাৰ 
দীৰ্ঘদিনীয়া হেঁপাহ 
আজিও একেই আছে । 
    

  ✍ মেহেনাজ সৰকাৰ

কি নামেৰে মাতিম তোমাক

কি নামেৰে মাতিম তোমাক 
কাজললতা , বন্দনা , মেঘালী , অনামিকা 
ওঁহো ! কোনো নামেৰেই যে ৰিজোৱা সম্ভৱ নহয় 
তোমাৰ হাস্যজ্জ্বল
স্বচ্ছল , বেগৱতী ৰূপলাৱন্যৰ উত্তাপ

হিয়াৰ দুৱাৰখন খুলি দিয়ানা 
কবি নাম লৈ সৃষ্টি কৰোঁ 
সেউজীয়াৰ অন্য এক পান্ডুলিপি 
ভালপোৱাৰ এটি নিলিম ছাতি

চিকমিক ৰূপালী তৰাৰ দেশত 
তুমি কিন্তু নাজাবা দেউ 
জোনটিয়ে লাজ পাব 
সি আৰু কেতিয়াও 
মূৰ তুলি নাচাব

কি নামেৰে মাতিম তোমাক 
বিশ্ব সম্ৰাটৰ শ্ৰেষ্ঠ দুহিতা
মুগ্ধ , নিবিড় বিস্ময়ৰ উৎস ধাৰা 
ভুল হ’লে ক্ষমিবা ।

  ✍  মেহেনাজ সৰকাৰ